Gamblers arrested in Nalbari: নলবাৰীৰ দৌলাশালত জুৱাৰ সামগ্ৰীসহ আটক দুই জুৱাৰী

By

Published : Feb 9, 2023, 1:57 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

নলবাৰী, ৯ ফেব্ৰুৱাৰী: নলবাৰীত নিতৌ বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime in Nalbari) ৷ ড্ৰাগছ, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সমান্তৰালকৈ সমাজৰ ব্যাধি জুৱাৰ দৰে অবৈধ খেলৰ আড্ডাও বৃদ্ধি পাইছে নলবাৰীত ৷ আৰক্ষীৰ চকুত ধুলি দি বহু অসামাজিক কাৰ্যকলাপ চলাই গৈছে একাংশ অপৰাধীয়ে ৷ অৱশ্যে এইক্ষেত্ৰত নলবাৰী আৰক্ষীয়েও অপৰাধীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে ৷ শেহতীয়াকৈ নিচাজাতীয় দ্ৰব্যৰ সমান্তৰালকৈ জুৱাৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে অভিযান চলাই বহুকেইটা সফলতা লাভ কৰিছে ৷

এইবাৰ পুনৰ জুৱাৰ বিৰুদ্ধে অভিযান চলাই আন এক সফলতা লাভ কৰিছে নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে ৷ বুধবাৰে দৌলাশাল আৰক্ষীয়ে নিষিদ্ধ জুৱাৰ বিৰুদ্ধে অভিযান চলাই এটা জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰে দুই জুৱাৰীক (Daulashal Police arrested Gamblers) ৷ আটকাধীন দুই জুৱাৰী ক্ৰমে ৰজনী মেধি আৰু আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে (Gambling rackets busted in Nalbari) ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি দৌলাশালৰ চেগুন বাগানত এক বৃহৎ জুৱাৰ ঘাটি চলাই গৈছিল অসাধু চক্ৰই ৷ এক গোপন খবৰৰ ভিত্তিত দৌলাশাল আৰক্ষীয়ে লাভ কৰিছিল এই তথ্য ৷ বুধবাৰে নিশা দৌলাশাল আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই উৎখাত কৰে জুৱাৰ ঘাটিটো (Gamblers arrested in Nalbari) ৷ লগতে অভিযান কালত দুটা জুৱাৰীকো আটক কৰিবলৈ সক্ষম হয় যদিও সেই স্থানৰ পৰা বহুকেইটা জুৱাৰী পলায়ন কৰিবলৈ সক্ষম হয় ।  

আৰক্ষীয়ে আটকাধীন জুৱাৰী দুটাৰ পৰা নগদ ৩০০০ টকাৰ লগতে বহুকেইপদ জুৱাৰ সামগ্ৰী জব্দ কৰে । ধৃত জুৱাৰী ৰজনী মেধিৰ ঘৰ দৌলাশালত আৰু আনোৱাৰ হুছেইনৰ ঘৰ বৰপেটাৰ সাতা গাঁৱত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে দৌলাশালৰ চেগুন বাগানত পূৰ্বেও আৰক্ষীয়ে অভিযান চলাই বহুকেইটা জুৱাৰীক আটক কৰাৰ লগতে জুৱাৰ ঘাটিও উৎখাত কৰিছিল । ইয়াৰ পিছতো অঞ্চলটোৰ একাংশ জুৱাৰীয়ে সেই স্থানত পুনৰ জুৱাৰ ঘাটি বহাই জুৱা খেল পুনৰ আৰম্ভ কৰিছিল । অৱশ্যে জুৱাকে ধৰি বিভিন্ন অসামাজিক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰিলে দৌলাশাল আৰক্ষীয়ে ৷

লগতে পঢ়ক: Fake currency racket busted: নগাঁৱত বৃহৎ পৰিমাণৰ জালনোটসহ আটক দুজন

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.