ETV Bharat / state

Fake currency racket busted: নগাঁৱত বৃহৎ পৰিমাণৰ জালনোটসহ আটক দুজন

author img

By

Published : Feb 9, 2023, 7:40 AM IST

Counterfeit notes seized in Nagaon, Two arrested
নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত লাখে লাখে টকা

আৰক্ষী থানাত এইবাৰ লাখে লাখে টকা । জালনোট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ এক সফল অভিযান (Fake currency racket busted in Nagaon) । নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই কঁপাইছে নগাঁৱৰ অপৰাধ জগত । বিভিন্ন অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নগাঁও ৷

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত লাখে লাখে টকা

নগাঁও, 9 ফেব্ৰুৱাৰী: নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই কঁপনি তুলিছে নগাঁৱৰ অপৰাধ জগতত (Rupjyoti Kalita ASP of Crime Branch Nagaon)। অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত এটাৰ পিছত আনটো সফল অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

শেহতীয়াকৈ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত চলা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানত বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানৰ সমান্তৰালকৈ এইবাৰ বৃহৎ জালনোট চক্ৰৰ বিৰুদ্ধে আন এক সফল অভিযান নগাঁও আৰক্ষীৰ (Counterfeit notes seized in Nagaon)।

নগাঁৱত এটা জালনোট চক্ৰ সক্ৰিয় হৈ পৰা বুলি এক গোপন সূত্ৰে খবৰ লাভ কৰিছিল নগাঁৱত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই । এই খবৰ লাভ কৰাৰ পিছতেই গোপনে অভিযান আৰম্ভ কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই ।

অৱশেষত অতি কৌশলেৰে বুধবাৰে পুৱাৰে পৰা চলা অভিযানত সন্ধিয়া জালনোট ব্যৱসায়ী চক্ৰটোক জালত পেলাবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে (Fake currency racket busted by Nagaon Police)। বুধবাৰে সন্ধিয়া নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত অতি কৌশলেৰে চক্ৰটোক জালত পেলোৱাৰ লগতে কেইবা লাখ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো (Counterfeit notes racket busted by Nagaon police)।

বুধবাৰে সন্ধিয়া নগাঁও চহৰৰ ধিং গেইটৰ পৰা জালনোট ব্যৱসায়ৰ সৈতে জড়িত জুৰীয়াৰ মাহগুৰিৰ স্বৰাফত আলী আৰু আলিটাঙনীৰ নুৰ হুছেইনক অতি কৌশলেৰে আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । জালনোট ব্যৱসায়ী চক্ৰটোৰ পৰা আৰক্ষীয়ে ৩৫ লাখ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় (Counterfeit notes of over 35 lakh seized in Nagaon) । লগতে চক্ৰটোৱে ব্যৱহাৰ কৰা এখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীৰ দলটো ।

চক্ৰটোৰ সৈতে আৰু ব্যক্তি জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ধৃত জালনোট ব্যৱসায়ী দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে (Two arrested with large quantity of counterfeit notes in Nagaon) । উল্লেখযোগ্য যে, আৰক্ষীৰ জালত পৰা চক্ৰটোৱে জালনোটসমূহ বজাৰত মেলি দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল । অৱশ্যে নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবেই জালনোটৰ প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পৰে নগাঁৱৰ বহু লোক।

লগতে পঢ়ক: Fake currency racket in Nagaon : নগাঁৱত তিনি জালনোট ব্যৱসায়ী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.