Fraud case in Nagaon: প্ৰৱঞ্চনাৰে লুটি নিলে পাঁচ লক্ষাধিক টকা মূল্যৰ সোণৰ গহনা

By

Published : Dec 28, 2022, 12:19 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

গহনা ধুৱলৈ অথবা আপোনাৰ অনুজ্জ্বল হৈ পৰা গহণাখিনি উজ্জ্বল কৰি তুলিবলৈ আপোনাৰ ঘৰলৈ কোনো ব্যক্তি গৈছে নেকি ? যদি গৈছে তেন্তে সাৱধান হওক, সৰ্বস্বান্ত হ'ব পাৰে আপুনিও (Fraud case in Nagaon) ! কাৰণ তেনে এক ঘটনা পুনৰবাৰ সংঘটিত হ'ল নগাঁৱৰ কামপুৰত ৷ দিন দুপৰতে কনকলতা বৰা নামৰ এগৰাকী মহিলাৰ পৰা প্ৰৱঞ্চকে প্ৰৱঞ্চনাৰে লুটি নিলে পাঁচ লক্ষাধিক টকা মূল্যৰ সোণৰ গহনা ৷ কামপুৰ আৰক্ষী থানাৰ সমীপতে সংঘটিত হয় ঘটনাটো ৷ মহিলা গৰাকীয়ে জনোৱা মতে, দুই প্ৰৱঞ্চকে সোণ-ৰূপৰ গহনা আৰু তামৰ বাচন চাফা কৰিবলৈ মহিলা গৰাকীৰ ঘৰত প্ৰৱেশ কৰে ৷ ঘৰতে থকা মহিলাগৰাকীৰ স্বামীকো নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ৷ পাছত চাফা কৰাৰ চলেৰে সকলে সোণ ৰূপৰ গহনা লৈ উধাও হয় দুই প্ৰৱঞ্চক ৷ ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষী থানাত (Kampur police station) এজাহাৰ দাখিল কৰিছে মহিলা গৰাকীয়ে(Fraudsters robbed gold jewellery worth Rs 5 lakh in Nagaon) ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.