Fire breaks out : মাজুলীৰ চেলেক চাপৰিত অগ্নিকাণ্ড; জাহ গ’ল 4 টা বাসগৃহ

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 11:56 AM IST

thumbnail

মাজুলী, 27 আগষ্ট : মাজুলীত অঘটন ৷ শনিবাৰে নিশা প্ৰায় 11 বজাত মাজুলীৰ চেলেক চাপৰিত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ জুইৰ লেলিহান শিখাই নিমিষতে ছানি ধৰে সমগ্ৰ অঞ্চলটো ৷ ফলত ভস্মীভূত হয় চাৰিটাকৈ বাসগৃহ । বিদ্যুতৰ শ্বৰ্ট-চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

ইফালে এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোকক ৷ মাজুলীৰ চেলেক চাপৰিলৈ যাতায়তৰ সু-ব্যৱস্থা নথকাৰ ফলতে সময় মতে উক্ত স্থানত উপস্থিত হ’ব পৰা নাছিল অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ৷

পৰৱৰ্তী সময়ত এখন ভঙা বাঁহৰ দলঙেৰে দাংকোলা কৰি জুই নিৰ্বাপনৰ সামগ্ৰী লৈ আনি নিৰ্বাপিত কৰে জুই ৷ এই অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ একেবাৰে ছাঁই হৈ যোৱাৰ লগতে কুকুৰা, হাঁহ, ছাগলীৰ লগতে ভঁৰালৰ ধান, সৰিয়হ আদিও পুৰি শেষ হৈ যায় ৷

লগতে পঢ়ক : Fire breaks out at electricity pole: মূল পথৰ কাষতে বিদ্যুতৰ খুঁটাত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.