All Assam karate competition : কাৰাটে প্ৰতিযোগিতাত ব্ৰহ্মপুত্ৰ সমৰকলা বিদ্যালয়ৰ সুনাম

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 7:27 AM IST

thumbnail

যোৰহাট, 10 নৱেম্বৰ : যোৰহাটত অনুষ্ঠিত হৈছে অসম ভিত্তিত কাৰাটে প্ৰতিযোগিতা ৷ এই কাৰাটে প্ৰতিযোগিতাত সোণ আৰু ৰূপ পদক লাভ কৰি উজ্জ্বলিল ব্ৰহ্মপুত্ৰ অঞ্চলৰ 8 জনকৈ খৈলুৱে । সদৌ অসম ভিত্তিত মঘাই ওজা ক্ষেত্ৰত আয়োজিত কাৰাটে প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছে ব্ৰহ্মপুত্ৰ সমৰকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ।

দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ 8 জনকৈ খেলুৱৈয়ে লাভ কৰিলে বিশেষ পুৰষ্কাৰ । ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ সমৰকলা বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি কেইবাশতাধিক খেলুৱৈৰ মাজত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ আৰু ৰূপৰ পদক অৰ্জন কৰে ব্ৰহ্মপুত্ৰ অঞ্চলৰ 8 জন খেলুৱৈয়ে ।

বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ পিচতে প্ৰথমখন খেলত অংশগ্ৰহণ কৰি এই সফলতা অৰ্জন কৰাত আনন্দিত হৈ পৰিছে ব্ৰহ্মপুত্ৰ অঞ্চলবাসীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সমাজ । ইতিমধ্যে প্ৰশিক্ষক সঞ্জীৱ বৰাৰ নেতৃত্বত শতাধিক ছাত্ৰ-ছাত্ৰী আগবাঢ়ি আহিছে সমৰকলাৰ প্ৰশিক্ষণ ল’বলৈ । ব্ৰহ্মপুত্ৰ সমৰকলা বিদ্যালয়ে অঞ্চলটোত ক্ৰীড়াৰ এক সুস্থ বাতাবৰণ গঢ় দিব বুলি আশাবাদী সকলো শ্ৰেণীৰ লোক ।

ইতিমধ্যে অতি পিচপৰা অঞ্চলত ক্ৰীড়া প্ৰতিভা উজ্জ্বলি উঠাত ক্ৰীড়াৰ ক্ষেত্ৰত আশা ৰেঙণি দেখিবলৈ পোৱা গৈছে বুলি দেৰগঞা ৰাইজে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : All Assam karate competition:অসম ভিত্তিত হোৱা কাৰাটে প্ৰতিযোগিতাত জিলিকিল স্বস্তিকা-আয়ুষ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.