Sarbojanin Manakamana Mandir: ৰঙিয়াত সাৰ্বজনীন মনোকামনা মন্দিৰৰ শিলান্যাস ভৱেশ কলিতাৰ

By

Published : May 25, 2023, 8:20 PM IST

thumbnail

ৰঙিয়া, 25 মে’ : ৰঙিয়াত বৃহস্পতিবাৰে সাৰ্বজনীন মনোকামনা মন্দিৰৰ শিলান্যাস কৰা হয় (Sarbojanin Manakamana Mandir in Assam)। ৰঙিয়া নগৰৰ সৰস্বতী কলনীত নিৰ্মাণ হ’বলগীয়া মনোকামনা মন্দিৰৰ মাংগলিক কাৰ্যসূচীৰে শিলান্যাস কৰে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Foundation stone laying of Sarbojanin Manakamana Mandir ) । কলকাতাৰ দক্ষিণা কালি মন্দিৰৰ আৰ্হিত এই মনোকামনা মন্দিৰটো নিৰ্মাণ কৰা হ’ব । 

ধৰ্মপ্ৰাণ ৰাইজৰ বহু আকাংক্ষিত এই মন্দিৰটো এবছৰৰ ভিতৰত নিৰ্মাণ কৰা হ’ব বুলি উদ্যোক্তাই জনায় । ভৱেশ কলিতাই বিধায়ক পুঁজিৰ পৰা মন্দিৰটো নিৰ্মানৰ বাবে ১০ লাখ টকাৰ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে । মন্দিৰৰ শিলান্যাস উপলক্ষে আয়োজিত অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে । 

লগতে পঢ়ক: Attempt to murder case: চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে পো বোৱাৰীৰ অত্যাচাৰত আহত বৃদ্ধাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.