Attempt to murder case: চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে পো বোৱাৰীৰ অত্যাচাৰত আহত বৃদ্ধাই

author img

By

Published : May 24, 2023, 9:30 PM IST

পুত্ৰ-বোৱাৰীৰ লাঠীৰ প্ৰহাৰত জীৱন মৃত্যুৰে যুঁজিছে মাতৃ

দেৰগাঁৱৰ জেলেহুৱা গাঁৱত পুত্ৰ আৰু বোৱাৰীৰ আক্ৰমণত জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী বৃদ্ধাই ৷ দীৰ্ঘ দিনৰ পৰা চলি থকা ঘৰুৱা কন্দলৰ পৰিণতিত এই ভয়ংকৰ ঘটনা সংঘটিত হয় (Attempt to murder case in Jorhat) ।

পুত্ৰ-বোৱাৰীৰ লাঠীৰ প্ৰহাৰত জীৱন মৃত্যুৰে যুঁজিছে মাতৃ

যোৰহাট, 24 মে’: আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন ! এই আপ্তবাক্যশাৰীক কলংকিত কৰিলে এটা কুলাংগাৰ পুত্ৰই (Attempt to murder case) ৷ নিজ পত্নীক একো কৰিব নোৱাৰি মাতৃক প্ৰহাৰ কৰিলে পুত্ৰই (Son and daughter in law attack Mother) ৷ দেৰগাঁৱৰ জেলেহুৱা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ পুত্ৰ আৰু বোৱাৰীৰ আক্ৰমণত জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী বৃদ্ধাই ৷

প্ৰাপ্ত তথ্য অনুসৰি ঘৰখনত দীৰ্ঘ দিনৰ পৰা চলি থকা ঘৰুৱা কন্দলৰ পৰিণতিত এই ভয়ংকৰ ঘটনা সংঘটিত হয় (Attempt to murder case in Jorhat) । বুধবাৰে পুৱাই শাহু বোৱাৰীৰ মাজত প্ৰথম অৱস্থাত তৰ্কা-তৰ্কি আৰম্ভ হয় । পৰৱৰ্তী সময়লৈ এই সাধাৰণ তৰ্কা-তৰ্কিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ অভিযুক্ত পুত্ৰ আৰু বোৱাৰীৰ ভাষ্য অনুসৰি প্ৰথম অৱস্থাত বোৱাৰীয়েকে শাহুৱেকক আক্ৰমণ কৰে (Old woman attack in Jorhat) ৷ তাৰ পিচত পুত্ৰ লাতু কলিতা আৰু বোৱাৰী ৰূপালী কলিতাই দুয়ো মিলি লাঠিৰে প্ৰহাৰ কৰে বৃদ্ধা মাতৃ পুতলী কলিতাক । পুত্ৰ বোৱাৰীৰ আক্ৰমণত ধৰাশায়ী হৈ পৰে বৃদ্ধা মাতৃগৰাকী ।

ইয়াৰ পিচতে হুলস্থুল শুনি ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ বৃদ্ধাগৰাকীক মুমূৰ্ষু অৱস্থাত যোৰহাট মেডিকেল কলেজলৈ লৈ যায় ৷ কিন্তু বৃদ্ধাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যায় ৷

তাৰ পিচতে গাঁৱৰ ৰাইজে লগ হৈ বৃদ্ধা মাতৃক প্ৰহাৰ কৰাৰ পুত্ৰ আৰু বোৱাৰীক আটক কৰি দেৰগাঁও আৰক্ষীক খবৰ দিয়ে। গাঁৱৰ লোকে দুয়ো অভিযুক্তকে গছত বান্ধি শাস্তি প্ৰদান কৰি সমগ্ৰ ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰোৱায় ৷ ক্ষন্তেক সময়ৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োকে আটক কৰি লৈ থানালৈ লৈ যায় (Accused detained in Jorhat)।

অঞ্চলটোত এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাক সকলোৱে একমুখে ধিক্কাৰ দিছে । এনে ধৰণৰ নিৰ্লজ্জ ঘটনা সংঘটিত কৰাৰ বোৱাৰী আৰু পুত্ৰক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ পৰাৰ কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Fake cash seized: জামুগুৰি আৰক্ষীৰ জালত 12 হাজাৰ জালনোটসহ এটা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.