অসম চৰকাৰে শুকান জেওৰা চেপি ৰস উলিয়াব বিচাৰিছে: প্ৰাক্তন বিধায়ক

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 9:23 PM IST

thumbnail

ডিব্ৰুগড়, 22 নৱেম্বৰ : ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি এতিয়াৰে পৰা ৰাজনৈতিক ৰেলী, সভা, বাটৰ নাট, সজাগতা ৰেলী, খেল-ধেমালিৰ অনুষ্ঠান আদি অনুষ্ঠিত কৰিবলৈ ভৰিব লাগিব ধন । আনহে নালাগে সাংস্কৃতিক সমদল, সাংস্কৃতিক অনুষ্ঠানৰ লগতে জাতীয় উৎসৱ বিহু উদযাপন কৰিবলৈও চৰকাৰক দিব লাগিব কৰ ।

ৰাজ্য চৰকাৰৰ এই জাননীক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । টিংখাঙত সংবাদমেল অনুষ্ঠিত কৰি টিংখাঙৰ প্ৰাক্তন বিধায়ক তথা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি অনুপ ফুকনে চৰকাৰক তীব্ৰ সমালোচনা কৰে । "বিজেপি চৰকাৰে শুকান জেওৰা চেপি ৰস উলিয়াব বিচাৰিছে । ইতিমধ্যে মূল্যবৃদ্ধি আৰু কৰ-জৰিমনাই ভাৰাক্ৰান্ত কৰা অসমৰ জনতাৰ ওপৰত আন এক কৰৰ বোজা জাপি দিছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে"৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক অনুপ ফুকনৰ ।

এফালে চৰকাৰে ৰাজ্যত 'সাংস্কৃতিক মহাসংগ্ৰাম', 'খেল মহাৰণ' ৰ দৰে কাৰ্যসূচী ধুমধামেৰে অনুষ্ঠিত কৰিছে, আনহাতে সাংস্কৃতিক আৰু ক্ৰীড়া কাৰ্যসূচীত কৰ আৰোপ কৰিছে ৷ এই কাৰ্যই চৰকাৰৰ কথা আৰু কামৰ মাজত সামঞ্জস্যহীনতাকে প্ৰমাণ কৰিছে বুলি উল্লেখ কৰে অজাপৰ নেতাজনে । বিজেপি চৰকাৰে জাতীয় উৎসৱ বিহুৰ ওপৰত কৰ আৰোপ কৰি পূজা-পাৰ্বণক কৰৰ পৰা মুক্ত কৰা কাৰ্যই চৰকাৰৰ উগ্ৰ হিন্দুত্ববাদী ধাৰণাকে প্ৰতিফলিত কৰিছে । আনহাতে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ প্ৰচাৰ কাৰ্যসূচীত বাধা দিয়াৰ উদ্দেশ্যেৰেই অসম চৰকাৰে ৰাজনৈতিক সভা আৰু ৰেলীৰ ওপৰত কৰ আৰোপ কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় প্ৰাক্তন বিধায়কজনে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে ৰাজ্যত কৰৰ সন্ত্ৰাস চলাইছে; কৃষক মুক্তি সংগ্ৰাম সমিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.