ৰাজনৈতিক মুনাফাৰ ওপৰত নিৰ্ভৰ কৰি হৈছে আলফা-চৰকাৰৰ শান্তি চুক্তি : আলফাৰ প্ৰাক্তন উপ-সেনাধ্যক্ষ

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 12:42 PM IST

thumbnail

নগাঁও, 30 ডিচেম্বৰ : শুক্ৰবাৰে দিল্লীত স্বাক্ষৰিত হ’ল আলফা-ভাৰত চৰকাৰ-অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি চুক্তি ৷ কিন্তু এই শান্তি চুক্তিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আলফাৰ প্ৰাক্তন উপ-সেনাধ্যক্ষ কল্পজ্যোতি নেওগে । সম্পূৰ্ণ চৰকাৰৰ ৰাজনৈতিক মুনাফাৰ ওপৰত নিৰ্ভৰ কৰি কৰা হৈছে এই শান্তি চুক্তি ।

আলফা চৰকাৰৰ শান্তি চুক্তিয়ে খিলঞ্জীয়া জনসাধাৰণৰ কোনো উপকাৰ নকৰে বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে আলফাৰ প্ৰাক্তন সেনাধ্যক্ষ কল্পজ্যোতি নেওগে । ৰাজ্যৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা, অৰ্থনৈতিক পেকেজ ঘোষণা কৰা চৰকাৰৰ দায়িত্ব বুলিয়েই উল্লেখ কৰি অৰ্থনৈতিক পেকেজ উল্লেখেৰে আলফা চৰকাৰৰ শান্তি চুক্তিত নিজে হতাশ বুলি মন্তব্য কৰে কল্পজ্যোতি নেওগে ।

খিলঞ্জীয়াৰ অধিকাৰৰ বিষয়টোৱে শান্তি চুক্তিত গুৰুত্ব নাপালে বুলিও মন্তব্য কৰে প্ৰাক্তন আলফা নেতাগৰাকীয়ে । এনে আলোচনাত বহাতকৈ পৰাজয় স্বীকাৰ কৰি আঁতৰি অহাই উচিত আছিল বুলিও আলোচনাপন্থী আলফাক একপ্ৰকাৰ কটাক্ষ কৰে প্ৰাক্তন আলফা নেতা কল্পজ্যোতি নেওগে ।

লগতে পঢ়ক : আলফা-চৰকাৰৰ শান্তি চুক্তিয়ে উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি ঘূৰাই আনিব : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.