Sunil Gavaskar in Assam: ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ বিষয়ে নাজানে সুনীল গাভাস্কাৰে

By

Published : Jan 9, 2023, 10:53 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

অসম সন্তান ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ বিষয়ে নাজানে সুনীল মনোহৰ গাভাস্কাৰে (Sunil Gavaskar doesnot know about Riyan Parag ) । IPLত ৰিয়ান পৰাগৰ বেটত বিস্ফোৰণ ঘটিছিল (Assam Cricketers in IPL) । IPL ত দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা অসমৰ উদীয়মান ক্ৰিকেটাৰ বিষয়ে ক্ৰিকেটাৰ গাভাস্কাৰে নাজানো বুলি কোৱাত চৰ্চা আৰম্ভ হৈছে । সোমবাৰে গুৱাহাটী মহানগৰীৰ উলুবাৰীত SG Show নামৰ বিপনীখনত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ সুনীল মনোহৰ গাভাস্কাৰে (Former Cricketer Sunil Gavaskar) । তেওঁ কয়, "মই ঘৰুৱা ক্ৰিকেটৰ বিষয়ে একো নাজানো । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ক্ষেত্ৰতহে মই মনোনিবেশ কৰো । অসম ক্ৰিকেটৰ বিষয়ে মই একো নাজানো । ৰিয়ান পৰাগৰ বিষয়ে নাজানো’’ । উল্লেখ্য যে, ক্ৰীড়া সামগ্ৰীৰ বিপনী S.G ৰ অন‍্যতম ব্ৰেণ্ড এম্বেচাদৰ হৈছে গাভাস্কাৰ । সেই অনুসৰি বিপনীখনত উপস্থিত হয় তেওঁ । গাভাস্কাৰে পৰ্যবেক্ষণ কৰে বিপনীখনৰ বিভিন্ন দিশসমূহ । গাভাস্কাৰক এবাৰ স্বচক্ষে প্ৰত‍্যক্ষ কৰিবলৈ বিপনীখনত ভিৰ কৰে অজস্ৰ অনুৰাগীয়ে । অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে সম্বৰ্দ্ধনা গাভাস্কাৰক।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.