মাজুলী জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 1:26 PM IST

Updated : Dec 31, 2023, 2:25 PM IST

thumbnail

মাজুলী, 31 ডিচেম্বৰ : শনিবাৰে অনুষ্ঠিত হোৱা সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক গড়মূৰ অধিৱেশনত মাজুলী জিলা ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন হয় । নতুন সমিতিখনত সভাপতি আৰু সাধাৰণ সম্পাদক হিচাবে ক্ৰমে প্ৰাণজিৎ হাজৰিকা আৰু দিপাংকৰ ৰাজখোৱাক দায়িত্ব অৰ্পণ কৰা হয় । সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানমৰ্মে সকলো কাম নিয়াৰিকৈ চলাই নিব বুলি প্ৰতিবদ্ধ প্ৰাণজিৎ হাজৰিকা আৰু দিপাংকৰ ৰাজখোৱা ৷

ইফালে মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক গড়মূৰ অধিৱেশনত বিষয় বাচনি সভাৰ পাচতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । কেইগৰাকীমান আছু কৰ্মীয়ে মঞ্চত অপদস্থ কৰে মাজুলী জিলা সদ্য পদত্যাগী সভাপতি অজিত হাজৰিকাৰ লগতে ছাত্ৰ সন্থাৰ জ্যেষ্ঠ নেতাক ।

উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বহু কেইগৰাকী কেন্দ্ৰীয় প্ৰতিনিধিও উপস্থিত থাকে ।

লগতে পঢ়ক : ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবৰ চৌহদত দুগৰাকী স্বনামধন্য ব্যক্তিৰ আৱক্ষ মূৰ্তি উন্মোচন

Last Updated : Dec 31, 2023, 2:25 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.