ETV Bharat / state

ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবৰ চৌহদত দুগৰাকী স্বনামধন্য ব্যক্তিৰ আৱক্ষ মূৰ্তি উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 10:55 AM IST

Sarbananda Sonowal in Dibrugarh : ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবৰ চৌহদত দুগৰাকী স্বনামধন্য ব্যক্তিৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ডিব্ৰুগড়ত ড৹ অমৰেশ দত্ত আৰু ডাঃ ফনীন্দ্ৰনাথ ঘোষৰ আৱক্ষ মূৰ্তি উন্মোচন ৷

Sarbananda Sonowal in Dibrugarh
ডিব্ৰুগড়ৰত সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়ৰত সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়, ৩১ ডিচেম্বৰ : ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাৱৰ চৌহদত প্ৰয়াত প্ৰফেছৰ ড৹ অমৰেশ দত্তদেৱ আৰু ড৹ ফণীন্দ্ৰনাথ ঘোষৰ দুটি আৱক্ষ প্ৰতিমূৰ্তি শুভ উদ্বোধন কৰা হয় । ইংৰাজী সাহিত্যৰ বিদগ্ধ পণ্ডিত অধ্যাপক ড৹ অমৰেশ দত্ত আৰু বিশিষ্ট চিকিৎসক ডাঃ ফনীন্দ্ৰনাথ ঘোষৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে ভাৰত চৰকাৰৰ জাহাজ, বন্দৰ, জলপৰিবহন তথা আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ডিব্ৰুগড়ৰ অন্যতম সামাজিক সংগঠন ইণ্ডিয়া ক্লাৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অধ্যাপক ড৹ অমৰেশ দত্তৰ সৈতে লাভ কৰা সান্নিধ্যৰ কথা স্মৰণ কৰে । গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অমৰেশ দত্তৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘ইংৰাজী সাহিত্যৰ বিদগ্ধ পণ্ডিত হৈয়ো সহজ-সৰল মনৰ ব্যক্তি আছিল ড৹ অমৰেশ দত্ত’’ ।

লগতে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ড৹ অমৰেশ দত্তৰ দৰে মহান ব্যক্তি সদায় আমাৰ মাজত জীয়াই থাকিব লাগিব ৷ নতুন প্ৰজন্মই তেওঁৰ বিষয়ে জানিব লাগিব’’ । তেওঁৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবে গ্ৰন্থ প্ৰকাশ কৰিব বুলি কয় সৰ্বানন্দ সোণোৱালে ।

লগতে বিশিষ্ট চিকিৎসক ড৹ ফণীন্দ্ৰনাথ ঘোষে ডিব্ৰুগড়ৰ বাবে আগবঢ়াই যোৱা অৱদানৰ কথা আলোকপাত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইণ্ডিয়া ক্লাৱৰ সভাপতি ডাঃ চৈকত পাত্ৰই আদৰণি ভাষণত অধ্যাপক ড৹ অমৰেশ দত্ত আৰু চিকিৎসক ডাঃ ফনীন্দ্ৰনাথ দত্তৰ সোঁৱৰণত গ্ৰন্থ প্ৰকাশ কৰাৰ কথা ঘোষণা কৰে ।

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক চিন্তাবিদ নগেন শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ইণ্ডিয়া ক্লাৱৰ প্ৰাক্তন সভাপতি শ্যামল শীল, অসম পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : ধাৰাপুৰত শিল ভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.