Kati Bihu special football match : পৰম্পৰা ৰক্ষা কৰি খুমটাইত ফুটবল প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 6:13 PM IST

thumbnail

যোৰহাট,১৯ অক্টোবৰ : বিগত প্ৰায় ২৫ বছৰ ধৰি খুমটাইৰ চাৰিঙ্গীয়াত কাতি বিহুৰ দিনটোত ফুটবল প্ৰতিযোগিতা আয়োজন হৈ আহিছে । যুৱ আৰু জ্যেষ্ঠ নাগৰিকৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থতে এই ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰি অহা হৈছে । এই পৰম্পৰা ৰক্ষা কৰিয়ে বুধবাৰেও কাতি বিহুৰ দিনটোত চাৰিঙ্গীয়া পাঁচআলি খেলপথাৰত ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।

যুৱক একাদশ আৰু বৃদ্ধ একাদশ নামৰ গাঁৱৰ দুটা দলৰ মাজত অনুষ্ঠিত হয় প্ৰীতি খেলখন । এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উলহ-মালহেৰে প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । ইফালে খেলখন উপভোগ কৰিবলৈ গাঁৱৰ বহু ডেকা-বুঢ়া সকলোৱে খেলপথাৰত ভিৰ কৰা দেখা গৈছে । ইফালে সকলোৱে অতি উৎসাহেৰে ফুটবল খেলখন উপভোগ কৰে ।

লগতে পঢ়ক :Financial scam in Urban Bank: মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকত গ্ৰাহকৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.