ETV Bharat / state

Financial scam in Urban Bank: মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকত গ্ৰাহকৰ হাহাকাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 5:11 PM IST

বিত্তীয় কেলেংকাৰীৰ অভিযোগত ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ অনুসৰি ৪৫ দিনলৈ সকলো লেনদেন বন্ধ হৈ থকা মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকত গ্ৰাহকৰ ক্ষোভ । সংঘটিত হৈছে চাঞ্চল্যকৰ কাণ্ড । গ্ৰাহকৰ একাউন্টৰ পৰা হঠাতে নোহোৱা হৈছে ধন ।

Co-operative Urban Bank accused of financial scam
মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকত গ্ৰাহকৰ হাহাকাৰ

মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকত গ্ৰাহকৰ হাহাকাৰ

তেজপুৰ, ১৯ অক্টোবৰ : বিত্তীয় খেলিমেলিৰ বাবে ৪৫ দিনলৈ সকলো লেনদেন বন্ধৰ বাবে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই নিৰ্দেশ দিয়া তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংক লিমিটেডত যাদুকৰী কাণ্ড ৷ বেংকটোত সংঘটিত প্ৰায় আঠকোটি টকাৰ খেলিমেলিৰ সৈতে যে বেংকটোৰে একাংশ কৰ্মচাৰীও জড়িত আছে সেয়া পুনৰ এবাৰ প্ৰতিপন্ন হৈছে ৷ বেংকটোৰ এগৰাকী গ্ৰাহকৰ একাউন্টৰ পৰা হঠাতে অন্তৰ্ধান হ'ল আঠ লাখ ১৫ হাজাৰ টকা ৷

গ্ৰাহকজনক তেওঁৰ একাউণ্টত ধন নাই বুলি জনোৱাৰ পাছত গ্ৰাহকজনে যেতিয়া ইয়াকে লৈ প্ৰতিবাদ কৰে তেতিয়াই তেওঁৰ একাউন্টত পুনৰ জমা হয় উক্ত ধনৰাশি ৷ এবাৰ হৰলুকি হোৱা ধন পুনৰ কিদৰে জমা হ'ল সেই বিষয়ে নাজানে বুলি দায়সৰা মন্তব্য আগবঢ়াই বেংকটোৰে আন একাংশ কৰ্মচাৰীয়ে ৷ ইয়াকে লৈ ক্ষুব্ধ হৈ পৰে বেংকটোৰ একাংশ গ্ৰাহক । তেওঁলোকৰ ধন সুকলমে থকাৰ নিশ্চিতি প্ৰদান কৰিবলৈ আহ্বান জনাই গ্ৰাহকসকলে ।

উল্লেখযোগ্য যে, একাংশ ঋণ লওঁতাই ধন ঘূৰাই নিদিয়াৰ বাবেই মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংক লিমিটেডৰ এই দশা হোৱা বুলি বেংক কৰ্তৃপক্ষৰ একাংশই ব্যাপক প্ৰচাৰ চলালেও প্ৰকৃততে এই ঋণ আদায় দিবলগীয়াসকলৰ তালিকাখন পৰীক্ষা কৰিলেই ওলাই পৰিব বেংকটোত সংঘটিত বিত্তীয় কেলেংকাৰীৰ প্ৰকৃত স্বৰূপ ৷ ম'বাইল বেংকিঙেৰে বৃহৎ কেলেংকাৰীটো সংঘটিত কৰা বেংকটোৰ এজন কৰ্মচাৰী সম্প্ৰতি পলাতক অৱস্থাত আছে আৰু এই কৰ্মচাৰীজনে বেংকটোৰে জড়িত একাংশক দিয়া এখন তালিকাত বেংকটোৰে একাংশ কৰ্মচাৰীয়ে লোৱা ঋণৰ পৰিমাণ উল্লেখ আছে বুলি জানিব পৰা গৈছে ৷

আনকি এই বেংকটোৰে কৰ্মচাৰীয়ে ঋণত ক্ৰয় কৰা বাহনৰ ঋণৰ কিস্তি তেওঁলোকৰ নিজা একাউন্টৰ পৰিৱৰ্তে মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংক লিমিটেডৰ পৰাহে আদায় দিছিল বুলিও অভিযোগ উত্থাপন হৈছে ৷ এনে লোকে ৬০ লাখ পৰ্যন্ত টকা ঋণলৈ বেংকটোক ওভতাই দিয়া নাই ৷ তদুপৰি, সামান্য পৰিমানৰ বেতন লাভ কৰা বেংকটোৰ কৰ্মচাৰীয়েও কম সময়ৰ ভিতৰতে তেজপুৰৰ চহৰৰ আৱাসিক এলেকাত অগাধ সম্পত্তিৰ গৰাকী হৈ পৰা পৰিলক্ষিত হৈছে ৷ এনে কৰ্মচাৰীক জেৰা কৰিলেই দীৰ্ঘ দিন ধৰ অব্যাহত থকা কোটি কোটি টকাৰ এই কেলেংকাৰী ফাদিল হোৱাটো নিশ্চিত ৷

লগতে পঢ়ক: Financial scam in Urban Bank: তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকত তলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.