Flood at Jonai:জোনাইত ভদীয়া বানৰ সংহাৰীৰূপ

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 6:31 PM IST

thumbnail

জোনাই, 22 আগষ্ট : বানত পুনৰ বুৰিল জোনাই গাালী-চিকাৰী আৰু ৰামধন দিখাৰী পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল ৷ ভদীয়া বানে প্লাৱিত কৰিলে জোনাইৰ কেইবাখনো গাঁও । পানীৰ মাজত কেইবাটাও পৰিয়াল, লগতে শ শ হেক্টৰ খেতি পথাৰ ।

জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত বানে লৈছে সংহাৰী ৰূপ । অসম অৰুণাচল সীমান্তত দুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জোনাইৰ গালী-চিকাৰী পঞ্চায়তৰ গালীঘাট, গালী কছাৰী, গাালী ৰাংকপ আদি অঞ্চলত বানে সংহাৰী ৰূপ লৈ বিস্তীৰ্ণ অঞ্চলত বানে চলাইছে তাণ্ডৱ ৷

বানে প্লাৱিত কৰা অঞ্চলবোৰত পশুধনৰ খাদ্য সংকটৰ উপৰিও কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে শ শ হেক্টৰ খেতি পথাৰ বৰ্তমান পানীৰ তলত । ইফালে দুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জোনাইৰ বিস্তীৰ্ণ অঞ্চল বানে বুৰাই পেলোৱাৰ লগতে দেপী নদীৰ বাঢ়নী পানীত শ শ পৰিয়ালৰ ব্যাহত হৈ পৰিছে যাতায়ত ৷ সমগ্ৰ অঞ্চলতে খোৱা পানীৰ সমস্যাই দেখা দিছে ।

আনফালে ৰামধন দিখাৰী পঞ্চায়তৰ ১ নং আৰু ২নং জামুগুৰি, মলান, ওলুৱনি আদি গাঁওসমূহতো দিখাৰে নদীৰ বানে সংহাৰী ৰূপ লৈছে ৷

লগতে পঢ়ক : Lakhimpur flood:লখিমপুৰত ভদীয়া বানৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.