ETV Bharat / state

Lakhimpur flood:লখিমপুৰত ভদীয়া বানৰ তাণ্ডৱ

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 5:44 PM IST

Lakhimpur flood
ভদীয়া বানৰ তাণ্ডৱ

লখিমপুৰত আৰম্ভ হৈছে ভদীয়া বানৰ তাণ্ডৱ । বিগত কেবাদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনত পুনৰ বান সংকটে দেখা দিছে ।

ভদীয়া বানৰ তাণ্ডৱ

লখিমপুৰ,২২ আগষ্ট : লখিমপুৰত ভদীয়া বানৰ তাণ্ডৱ । চেনিমাই নৈৰ বানে বুৰালে বিস্তৰ অঞ্চল । লখিমপুৰত আৰম্ভ হোৱা ভদীয়া বানে অস্বস্তিত । বিগত কেইদিনমানৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ প্ৰায়বোৰ নৈৰ জলপৃষ্ঠই বিপদজনক ৰূপ ধাৰণ কৰে । কেইখনমান নৈৰ পানী পাৰ বাগৰি আহি কাষৰীয়া অঞ্চলত বানৰ তাণ্ডৱ সৃষ্টি কৰিছেহি ।

বৰষুণৰ ফলত নগৰৰ সমীপত কদম অঞ্চলত মঙলবাৰে পুৱাৰ পৰা এক বৃহৎ অঞ্চল বুৰাই পেলায় চেনিমাই নৈৰ বানে । কদম টেঙাবস্তিত, বাগান গাঁৱত নৈখনৰ পানীয়ে ভদীয়া বানৰ তাণ্ডৱ সৃষ্টি কৰে । চেনিমাই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাই বহু পৰিয়ালৰ বাসগৃহ । বাসগৃহ পানীৰ তলত ডুব যোৱাৰ ফলত বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ ।

কদম টেঙাবস্তিত, বাগান গাঁৱত চেনীমাই নৈৰ ভদীয়া বানৰ তাণ্ডৱত এতিয়া ৰাইজে হাহাকাৰ কৰি দিন কটাব লগীয়া হৈছে । ধাৰাসাৰ বৃষ্টিপাতৰ ফলতে লখিমপুৰ জিলাৰ চেনিমাই নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱ লীলা চলাই কদম টেঙাবস্তিৰ লগতে বাগান গাঁৱত । এই অঞ্চল দুটাৰ বহু পৰিয়ালৰ বাসগৃহত পানী সোমাৱাৰ ফলত এক বৰ্ণনাতীত পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে কেইবাটাও পথৰ ওপৰেৰে পানী বাগৰিব ধৰিছে ।

উল্লেখ্য যে, চলিত বৰ্ষাকালত কেইবাটাও বানত জুৰুলা হৈছিল লখিমপুৰ জিলা । মাজত কিছুদিন বানৰ প্ৰকোপ শাম কাটিলেও পুনৰ বানৰ সংকট নামিছে জিলাখনত । বাৰিষা প্ৰায় অন্ত পৰাৰ সময়তে আকস্মিকভাৱে জিলাখনত এনেদৰে সৃষ্টি হোৱা বানে বিস্তৰ ক্ষতি সাধন কৰিছে । বাৰিষা অন্ত পৰাৰ সময়ত পুনৰ বান সংকট নহ’ব বুলি ৰাইজ নিশ্চিত হৈ পৰিছল । যাৰ বাবে হঠাৎ হোৱা বানৰ বাবে ৰাইজ সাজু নাছিল । সেয়ে হঠাৎ হোৱা এই বানত ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি হৈছে ।

লগতে পঢ়ক : Flood in Dhemaji: ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলত ভদীয়া বানৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.