Firing between Police and Dacoit:নগাঁৱত আৰক্ষী-ডকাইতৰ সংঘৰ্ষত আহত দুধৰ্ষ ডকাইত

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 10:33 AM IST

thumbnail

নগাঁও, 16 নৱেম্বৰ : ৰাজ্যত ক্ৰমান্বয়ে বাঢ়ি আহিছে অপৰাধজনিত ঘটনাৰ সংখ্যা ৷ আমাৰ চিন্তাৰে সহজতে ঢুকি নোপোৱা শিহৰণকাৰী ঘটনাৰ খবৰ আমি প্ৰায়ে পেপাৰে-পত্ৰই পঢ়িবলৈ পাঁও ৷ অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে আৰক্ষী প্ৰশাসনো ৷ ৰাজ্যখন অপৰাধমুক্ত কৰি তুলিবলৈ বিভিন্ন পন্থা হাতত লৈছে আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযানো তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে ৷ কিন্তু আৰক্ষী যদি ডালে-ডালে, অপৰাধী আকৌ পাতে-পাতে ৷ আৰক্ষীৰ চকুত ধূলি দি নিত্য নতুন উপায়েৰে অপৰাধীয়ে অব্যাহত ৰাখিছে নিজ কাৰবাৰ ৷ উপায়বিহীন হৈ আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰিবলৈ এনকাউণ্টাৰ কৰিবলগীয়াও হৈছে ৷

বুধবাৰৰ নিশা নগাঁৱৰ জুৰীয়াত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘৰ্ষ হয় । আৰক্ষীৰ গুলীত আহত হয় ৰাজু আহমেদ নামৰ দুধৰ্ষ ডকাইতটো । নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পম খেদি চলাইছিল এই অভিযান । আৰক্ষীৰ দললৈ লক্ষ্য কৰি গুলীয়াইছিল ৰাজু আহমেদে । প্ৰত্যুত্তৰত আৰক্ষীৰ দলটোৱে চলাইছিল গুলী । ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় ৰাজু আহমেদ । আৰক্ষীয়ে ডকাইতটোৰ পৰা উদ্ধাৰ কৰিছে এটা 7.65 MM পিষ্টল । গুলীবিদ্ধ ৰাজু আহমেদক ভৰ্তি কৰোৱা হৈছে নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিভিল হাস্পতালত ৷

লগতে পঢ়ক : Goalpara police encounter: গোৱালপাৰাত আৰক্ষী-ডকাইতৰ দলৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.