Fire breakout at Kalgachia: বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত দাউ দাউকৈ জ্বলিল এখন ঘৰ

By

Published : Jul 26, 2022, 7:43 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire breakout at Kalgachia)৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত দাউ দাউকৈ জ্বলিল জিন্নত আলী নামৰ লোকজনৰ বাসগৃহ (House burnt for Electric short circuit) ৷ ইয়াৰ লগতে কাষতে থকা এখন দোকানত অগ্নিসংযোগ হৈ যদিও স্থানীয় লোকৰ তৎপৰতাত কথমপি ৰক্ষা পৰে কাষতে থকা কেইবাটাও ঘৰ (Kalgachia Fire Incident ) ৷ এই অগ্নিকাণ্ডত জিন্নতৰ বাসগৃহটো জ্বলি ভষ্মীভূত হয় ৷ আনহাতে একাংশ ৰাইজে জানিব দিয়া মতে সেই ঠাইখিনিত দিনে নিশাই অবৈধ জুৱা খেল চলি থকাৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হয় বুলি আশংকা কৰে ৷ এই অগ্নিকাণ্ডৰ ফলত ৬০ হাজাৰ টকাৰ ক্ষতি হোৱা বুলি জানিব দিয়ে ঘৰৰ স্বত্বাধিকাৰী জিন্নত আলীয়ে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.