FIR against Badruddin Ajmal at Tezpur : তেজপুৰত আজমলৰ বিৰুদ্ধে এজাহাৰ

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 8:22 PM IST

thumbnail

তেজপুৰ, 26 অক্টোবৰ : এ আই ইউ ডি এফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল । বৃহস্পতিবাৰে তেজপুৰ সদৰ থানাত আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অ জা পৰ ধৰ্মীয় সংখ্যালঘু মৰ্চাই ৷ শেহতীয়াকৈ ৰাজহুৱা সভাত মুছলমান আৰু আহোমসকলৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যৰ বাবে অ জা পৰ ধৰ্মীয় সংখ্যালঘু মৰ্চাই এজাহাৰ দাখিল কৰে ।

এজাহাৰ দাখিল কৰি দলটোৰ সংখ্যালঘু নেতা মজিবুৰ ৰহমানে কয় যে, মুছলমান আৰু আহোমসকলৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰি ৰাজ্যত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টিৰ বাবেই আজমলে এনে মন্তব্য কৰিছে ৷ এনে অৱস্থাত আজমলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় দলটোৰ নেতা ৰহমানে ৷

তেওঁ পুনৰ কয় যে, অসমত ভাতৃঘাটী সংঘৰ্ষ সৃষ্টিৰ বাবে মন্তব্য কৰি আহিছে সাংসদ আজমলে ৷

লগতে পঢ়ক:Road Accident at Dhekiajuli : দুৰ্গা দেৱীক লৈ যোৱা গাড়ীৰ খুন্দাত নিহত কণমানি নাতি আৰু আইতাক 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.