Majuli Ferry Services Suspended : শুকাইছে সোৱণশিৰি; বন্ধ হৈ পৰিছে যন্ত্ৰচালিত ফেৰীৰ চলাচল

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 4:29 PM IST

thumbnail

মাজুলী, 28 অক্টোবৰ : মাজুলীতো শুকাই গ’ল সোৱণশিৰি নৈ । সোৱণশিৰি শুকাই যোৱাৰ বাবে মাজুলীৰ চেনীমৰা, বালিজান, পাৰঘাটত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে । নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ অঘটনৰ পাচত এই অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে মাজুলীৰ সোৱণশিৰীৰ পাৰঘাটসমূহত ।

তৰাং হৈ পৰিছে এতিয়া সোণৰ নৈখনি । নদীৰ পানী হঠাৎ কমি যোৱাৰ বাবে চলাব পৰা নাই ফেৰী । যাৰ বাবে বন্ধ হৈ পৰিছে ফেৰীসেৱা । নৈখনৰ এই ভয়ংকৰ ৰূপ দেখি চিন্তাত নৈ-পৰীয়ালোকসকল । লখিমপুৰ আৰু মাজুলীৰ মাজত চলাচল কৰা প্ৰতিটো ঘাটত এনে পৰিস্থিতি সৃষ্টি হৈছে ।

নিশাৰ ভিতৰতে অস্বাভাৱিকভাৱে শুকাইছে সোৱণশিৰি ৷ যাৰ বাবে পানী বন্ধ হৈ পৰিছে ফেৰী সেৱা । উপায়ন্তৰ হৈ চেনীমৰা, বালিজান, কংকুৰ পাঠলি ঘাটৰ যন্ত্ৰ চালিত নাওসমূহ অন্য ঠাইলৈ স্থানান্তৰ কৰা দেখা গৈছে । আনকি নদীৰ মাজত চলিছে এতিয়া মটৰ চাইকেল ।

লগতে পঢ়ক : Danger in NHPC: সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পাহাৰ খহি শুকাল সোৱণশিৰি নদী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.