ETV Bharat / state

Danger in NHPC: সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পাহাৰ খহি শুকাল সোৱণশিৰি নদী

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 2:14 PM IST

Updated : Oct 27, 2023, 2:28 PM IST

Danger in NHPC
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পাহাৰ খহি শুকাল সোৱণশিৰি নদী

পুনৰ অঘটন ঘটিল বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত । শুকুৰবাৰে প্ৰকল্পৰ টানেলৰ সন্মুখত পাহাৰ খহি পৰাৰ ফলত শুকাই যায় প্ৰকল্পৰ নিম্ন অংশ।

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

লখিমপুৰ, ২৭ অক্টোবৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন । শুকুৰবাৰে গেৰুকামুখৰ থুনুকা পাহৰি খহি বন্ধ হৈ পৰে টানেল । এন এইচ পি চিৰ দ্বাৰা নিৰ্মীয়মান ৫ টা টানেলৰ একমাত্ৰ সক্ৰিয় ১ নম্বৰ টানেলটো পাহাৰৰ খহি শুকুৰবাৰে পুৱা বন্ধ হৈ পৰে। ইতিমধ্যে পাহাৰত আৱদ্ধ হৈছে নদীখনৰ পানী । ফলত প্ৰকল্পৰ নামনিৰ দিশে শুকাবলৈ ধৰিছে সোৱণশিৰি মূল নদী অংশ । অৱশ্যে এতিয়ালৈ এন এইচ পি চিৰ কতৃপক্ষই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে, চলিত বৰ্ষত বহু বিতৰ্কিত প্ৰকল্পটোৰ উৎপাদনৰ কাম আৰম্ভ কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। তাৰ পিচতে চলিত বৰ্ষত উৎপাদন আৰম্ভ নহ’লেও ২০২৪ বৰ্ষৰ আৰম্ভনিতে প্ৰকল্পটোৰ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্যৰে এনএইচপিচিয়ে কাম কৰি আছে। বিভিন্ন সময়ত কেন্দ্রীয় মন্ত্রীয়ে আহি প্ৰকল্পটোৰ ক্ষীপ্ৰ উৎপাদন আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা দি আছে ।

ইফালে প্ৰকল্পটো বন্ধ কৰাৰ দাবীত সময়ে সময়ে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এফালে দল সংগঠনৰ প্ৰতিবাদ আনফালে কেন্দ্রীয় চৰকাৰৰ প্ৰকল্পটো নিৰ্মাণ সম্পূর্ণ কৰি উৎপাদন আৰম্ভ কৰাৰ হকে নাচোৰ বান্দা স্থিতি । এনে প্ৰেক্ষাপটৰ মাজত আকৌ প্ৰকল্পটোত অঘটনে সততে প্ৰকল্পটোক চৰ্চাৰ কেন্দ্র বিন্দু হৈ পৰিছে ।

পাহাৰ খহা, টানেল খহা, কফাৰ ডাম ভাগি পৰা, দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যু ঘটা আদি বিভিন্ন ঘটনাই প্ৰায়েই প্ৰকল্পটোক চৰ্চাত ৰাখিছে। শেহতীয়াকৈ পাহাৰ খহি টানেল বন্ধ হৈ নদী শুকাই যোৱা ঘটনাই পুনৰ প্ৰকল্পটোক চৰ্চা লৈ অনাই নহয় বৰং বিভিন্ন দল সংগঠনে ঠুনুকা পাহাৰটোত নিৰ্মাণ কৰা এই প্ৰকল্পত ভবিষ্যতে পাহাৰ খহি বিপৰ্যয় সৃষ্টি কৰাৰ আশংকাক সত্য বুলি প্ৰতীয়মান কৰি তুলিছে ।

লগতে পঢ়ক: Amrit Kalash Yatra : অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ যাত্ৰা

Last Updated :Oct 27, 2023, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.