ETV Bharat / state

Amrit Kalash Yatra : অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 8:25 AM IST

Updated : Oct 27, 2023, 8:41 AM IST

অসমৰ পৰা নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ল অমৃত কলহ ৷ গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ৰাজধানী এক্সপ্ৰেছেযোগে দিল্লীলৈ লৈ পঠিওৱা হ’ল ২৭০ টা অমৃত কলহ ৷

Amrit Kalash Yatra
দিল্লীলৈ লৈ পঠিওৱা হ’ল ২৭০ টা অমৃত কলহ

দিল্লীলৈ লৈ পঠিওৱা হ’ল ২৭০ টা অমৃত কলহ

গুৱাহাটী, ২৭ অক্টোবৰ : অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ যাত্ৰা । গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ কাৰ্যসূচীৰ শুভাৰম্ভনি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । আজি অৰ্থাৎ শুকুৰবাৰে অসমৰ পৰা দিল্লীলৈ লৈ যোৱা হ'ল ২৭০ টা অমৃত কলহ । পুৱা ৫:৪৫ বজাত ৰাজধানী এক্সপ্ৰেছেৰে দেশৰ দিল্লীলৈ নিয়া হ’ল অসমৰ মাটি ।

দিল্লীত নিৰ্মাণ হ'ব লগা অমৃত উদ্যানত সংস্থাপিত কৰা হ'ব এই পবিত্ৰ মাটিখিনি । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কলাক্ষেত্ৰত সংৰক্ষিত কৰা হৈছিল ৫৪০ টা অমৃত কলহ । সেই কলহৰ ২৭০ টা দিল্লীলৈ লৈ যোৱাৰ বিপৰীতে বাকী ২৭০ টা কলহ লৈ যোৱা হ'ব গহপুৰলৈ । গহপুৰত স্থাপন হ’ব লগা কনকলতা বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰা হ’ব সেই মাটিখিনি ।

বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা ‌হয় অসম চৰকাৰৰ মোৰ মাটি মোৰ দেশ শীৰ্ষক অমৃত কলহ যাত্ৰাৰ ৰাজ্যিক আনুষ্ঠানিক সভা ৷ এই সভাতে কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমি পূজনৰ বাবে অমৃত কলহ ৰাজ্যপালৰ পৰা গ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগ্ৰহত দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা সংগ্ৰহ হৈছে মাটি । সেই মৰ্মেই ৰাজ্য চৰকাৰৰ আহ্বানত ৰাজ্যৰ প্ৰতিখন ঘৰৰ পৰা সংগ্ৰহ কৰা হৈছিল এমুঠিকৈ মাটি । আজিৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেণ শৰণীয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙো উপস্থিত থাকে ।

লগতে পঢ়ক : Amrit Kalash Yatra : অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত ৰাজ্যপাল

Last Updated :Oct 27, 2023, 8:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.