Felicitation program: উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ ৰাজেশ চিন্তে

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:53 PM IST

thumbnail

জোনাই, ১৭ অক্টোবৰ : অতি কম বয়সতে পি.এইচ.ডি ডিগ্ৰী লাভ কৰা মেধাবী ছাত্ৰ ৰাজেশ চিন্তেক দেওবাৰে ললাদ দলুং, চন্দ্ৰপুৰ গাঁৱৰ যুৱ মঞ্চ আৰু চিন্তে অপিন কেবাঙে ঢোলে-দগৰে উষ্ম আদৰণি জনায় । মেধাৱী ছাত্ৰ ৰাজেশ চিন্তেই 

"ফিজিঅ’লজিকেল পাৰফমেঞ্চ অফ ৰেপচিদ গেন-টাইপছ আন্দাৰ ৰেইনফেদ কনদিচন অফ আছাম" শীৰ্ষক গৱেষণাৰ বাবে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে Ph.D ডিগ্ৰী ।

দাৰিদ্ৰতা সফলতাৰ আঁৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে চন্দ্ৰপুৰ গাঁৱৰ স্বৰ্গীয় ৰবিনাথ চিন্তে আৰু সুভদ্ৰা চিন্তেৰ পুত্ৰ ৰাজেশ চিন্তেয়ে । অতি কম বয়সতে পিতৃহাৰা হোৱা ৰাজেশ চিন্তেই বহু কষ্টৰ মাজেৰে পঢ়া-শুনা কৰি মেধাৱী ছাত্ৰ হিচাপে সমাজত পৰিচয় বুটলিবলৈ সক্ষম হৈছে ।

Banaras Hindu University ৰ পৰা কৃষি বিভাগত স্নাতক ডিগ্ৰী লৈ যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা Ph.D ডিগ্ৰী গ্ৰহণ কৰে মেধাৱী ছাত্ৰ ৰাজেশ চিন্তেই । ৰায়াং কুলি প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাচত তেওঁ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাৰ পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল ।

লগতে পঢ়ক : Jonai news:জোনাইত বাণিজ্যিক ভৱন আৰু জনজাতি জিৰণি ঘৰৰ শুভ উদ্বোধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.