Road accident at Rangia: শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পিতৃ কন্যাৰ

By

Published : Apr 23, 2023, 7:59 PM IST

thumbnail

ৰঙিয়া, 23 এপ্ৰিল : ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে দুজন লোক থিতাতে নিহত হোৱাৰ লগতে শিশু আৰু মহিলাসহ আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয় । এই ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত পৰিছে শোক ছাঁ (Road accident at Rangia) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে বৰপেটা অভিমুখী দ্ৰুতবেগী AS 01 FE 6441 নম্বৰৰ এখন ছুইফট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এখন দলঙত । লগে লগে দলঙৰ ৰেলিং ভাঙি বহু দূৰৈৰ এটা খাৱৈত চিটিকি পৰে বাহনখন (Many people injured in a Road accident at Rangia) ।

স্থানীয় লোকৰ তৎপৰতাত দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হোৱা বাহনখনৰ পৰা কোনোমতে শিশু আৰু মহিলাসহ 6 জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু বাহনখনৰ পৰা উদ্ধাৰ কৰাৰ পূৰ্বেই মৃত্যুক আকোঁৱালি লয় দুই পিতৃ-কন্যাই । মৃত লোকজনৰ নাম শিৱ প্ৰসাদ বৰুৱা (60) আৰু মহিলাগৰাকীৰ নাম চন্দ্ৰমা বৰুৱা (24) ।

ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় একেটা পৰিয়ালৰে আন চাৰিগৰাকী সদস্য । আহতসকল হ’ল ক্ৰমে দৰংৰ জ্যোতিপ্ৰিয়া হাজৰিকা (4), কৃতিস্মিতা পাঠক (35), ভাস্কৰ কলিতা হাজৰিকা (37), বিশাল বৰুৱা (24) । আহতসকলক ততাতৈয়াকৈ স্থানীয়লোকৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সংকটজনক অৱস্থাত তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ।

লগতে পঢ়ক : Amritpal Singh updates: কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ডিব্ৰুগড় পালেহি অমৃতপাল সিং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.