বন্যহস্তীৰ ভয়ত কৃষকে কেঁচাতে চপাইছে ধান

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 5:28 PM IST

thumbnail

যোৰহাট,৭ ডিচেম্বৰ : এতিয়া সোণগুটি চপোৱাত ব্যস্ত ৰাজ্যবাসী । আঘোণৰ পথাৰত ধান চপোৱাত ব্যস্ত হৈ পৰিছে পুৰুষ-মহিলাসকল । কিন্তু তাৰ মাজতে যোৰহাটৰ বহু কৃষকে ঘৰলৈ কেঁচা ধানকে চপাই আনিছে । বন্যহস্তীৰ ভয়ত ধানবোৰ সময়তকৈ পূৰ্বেই কাটিবলগীয়া হৈছে । অঞ্চলটোৰ কৃষকসকলৰ মতে হোলোঙাপাৰা গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা দৈনিক খাদ্যৰ সন্ধানত শ-শ হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰে ।

ইতিমধ্যে খেতিপথাৰত বন্যহস্তীয়ে বহু কৃষকৰ ধান খাই তহিলং কৰিছে । নিশাৰ ভিতৰতে বহু বিঘা সোণোৱালী পথাৰ নষ্ট কৰিছে হাতীয়ে  ৷ হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ মৰিয়নীৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী জংঘলব্লক, লাহিং, চেৰেলি, সোণাপুৰ আদি বৃহৎ অঞ্চলৰ কেইবাখনো গাঁৱৰ কৃষকে পথাৰৰ পৰা আধা পকা ধানকে কাটি নিছে ।

অৱশ্যে এনে পৰিস্থিতিতো পৰম্পৰা ৰক্ষা কৰি দাৱনীয়ে বিভিন্ন গীত গাই ধান কটাত ব্যস্ত হৈ পৰিছে । পথাৰত একেলগে ৰবাব টেঙাৰ জুতিও লৈছে দাৱনীসকলে  ৷ কিন্তু তাৰ মাজতো বন্যহস্তীয়ে তেওঁলোকৰ বছৰজোৰা কষ্টৰ ফচল খাই নিঃশেষ কৰিব বুলি মনত ভয় আছে । যাৰ বাবে শীঘ্ৰে চৰকাৰক বন্যহস্তীৰ উপদ্ৰৱৰ স্থায়ী সমস্যা সমাধানৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক :কৃত্ৰিম দুনীয়াত কোনোবাই আপোনালৈ আগবঢ়াইছেনে ‘প্ৰেমৰ হাত’

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.