কৃত্ৰিম দুনীয়াত কোনোবাই আপোনালৈ আগবঢ়াইছেনে ‘প্ৰেমৰ হাত’

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 2:53 PM IST

thumbnail

শিৱসাগৰ, 7 ডিচেম্বৰ: প্ৰকৃতাৰ্থত ক’বলৈ গ’লে বৰ্তমান যুগটোত ঋণাত্মক খবৰেই সৰহভাগ দেখিবলৈ পঢ়িবলৈ পোৱা যায় ৷ সময় আগবঢ়াৰ লগে লগে যেন মানুহৰ ৰুচিবোধ বহু সলনি হৈছে ৷ সততে দেখি থকা দৃশ্যটোৱে এইটোৱে প্ৰমাণ কৰে যে, মানুহ নিগেটিভ বাতৰিৰ প্ৰতি বেছি আকৃষ্ট ৷ চোৱাৰ পৰা শ্বেয়াৰ কৰালৈকে মানুহ তাতেই বেছিভাগ ব্যস্ত থাকে ৷ কিন্তু প্ৰয়োজনীয়তা আছে কিহত আমি তাকো উনুকিয়াই চোৱা উচিত ৷ মানবীয়তা বজাই ৰখাৰ লগতে ভাৰসাম্যতা বৰ্তাই ৰখাৰ দৃষ্টিকোণৰ পৰা কিন্তু আমাৰ কৰণীয় যথেষ্ট আছে ৷ হয়তো প্ৰতিযোগিতাৰ যুগ কাৰণে বহুতে বহু সময়ত সকলো পাহৰি স্বাৰ্থপৰ হৈ পৰে ৷ কিন্তু তেনেকৈ জানো সুন্দৰ সমাজৰ কল্পনা কৰিব পাৰি ?  সেই সুন্দৰ সমাজখন জীয়াই ৰাখিবলৈ আমি হাতে-কামে লাগিবও লাগিব ৷ প্ৰতিযোগিতাও থাকক, ব্যক্তিগত উন্নতিও হওক, সকলো আগবাঢ়ক ; কিন্তু হিংসা, দ্বেষ, ঘৃণা এই সকলো পৰিহাৰ কৰি সকলোৰে উন্নয়নৰ কথাও সকলোৱে চিন্তা কৰক ৷ এই চিন্তা আমি সমাজত বিয়পাব লাগিব, যাতে অপৰাধজনিত ঘটনাৰ পৰিমাণ কমি আহি উত্তৰ প্ৰজন্মৰ বাবে এখন সুন্দৰ সমাজ আমি আগবঢ়াই দিব পাৰো ৷ শেহতীয়াকৈ আমাৰ হাতত আহি পৰিছেহি সমাজৰ বাবে যোগাত্মক বাৰ্তা বাহক এটি মনোমোহা বাতৰি ৷

শিৱসাগৰ বাপ্তিষ্ট মণ্ডলীৰ উদ্যোগত পুৰণি কাপোৰ সংগ্ৰহ আৰু বিতৰণৰ এখন বিপণি মুকলি কৰা হৈছে ৷  মূলতঃ দৰিদ্ৰসকলৰ বাবেই এই পদক্ষেপ লোৱা হৈছে ৷ এটা প্ৰশংসনীয় পদক্ষেপ ৷ দৰিদ্ৰসকললৈ ‘প্ৰেমৰ হাত’ আগবঢ়াইছে শিৱসাগৰ বাপ্তিষ্ট মণ্ডলীয়ে ৷ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী শিৱসাগৰৰ উদ্যোগত দৈন্যসকলৰ বাবে ই এক সহায়ৰ হাত । কাপোৰৰ অভাৱত থকা লোকসকলক বিনামূলীয়া কাপোৰ বিতৰণৰ এক কাৰ্যসূচী হাতত লয় তেওঁলোকে । কালি সন্ধিয়া শিৱসাগৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ চৌহদত 'প্ৰেমৰ হাত' নামৰ এখন বিপণি মুকলি কৰা হয় । আগতে ব্যৱহাৰ হোৱা কিন্তু ভাল পুৰণি কাপোৰসমূহ সংগ্ৰহ কৰি মণ্ডলীৰ তৰফৰ পৰা অভাৱত থকাসকলক বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে । উক্ত বিপণিত পুৰণি কাপোৰ সংগ্ৰহৰো ব্যৱস্থা কৰা হৈছে । শিৱসাগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য প্ৰতিপালক প্ৰদীপ খেমকাই এই বিপণি মুকলি কৰি মণ্ডলীৰ প্ৰয়াসক শলাগ লয় ।

লগতে পঢ়ক : শিৱসাগৰত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.