শিৱসাগৰত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 4:33 PM IST

thumbnail

শিৱসাগৰ, 6 ডিচেম্বৰ : শিৱসাগৰৰ 141 বছৰ গৰকা অন্যতম পুৰণি প্ৰাথমিক শিক্ষা অনুষ্ঠান 18 নং কাথপাৰ প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে । ছ্যু-কা-ফা মাল্টিস্পেচিয়েলিটি হাস্পতালৰ উদ্যোগত তথা স্থানীয় ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত বুধবাৰে বিদ্যালয়খনত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসালয়খনৰ অভিজ্ঞতাপুষ্ট চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰায় ৷ চিকিৎসালয়ৰ এই পদক্ষেপক অভিভাৱকসকলে আদৰণি জনোৱাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষই ভৱিষ্যতে অন্য বিদ্যালয়সমূহতো এনে চিকিৎসা শিবিৰ আয়োজন কৰিব বুলি আশ্বাস প্ৰদান কৰিছে ৷

এই বিনামূলীয়া শিবিৰত অঞ্চলটোৰ ভালেসংখ্যক কণ কণ শিশুৱে চিকিৎসা পৰীক্ষা কৰায় ৷ এই সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষই জনায় যে, অনাগত দিনত শিক্ষা আৰু স্বাস্থ্য সেৱা সমান্তৰালকৈ আগবঢ়াই নিবলৈ অন্য বিদ্যালয়তো এনে কাৰ্যসূচী হাতত লোৱা হ’ব ৷

লগতে পঢ়ক: চাৰে এঘাৰৰ অংকত অটল বিশ্বাসী মুখ্যমন্ত্ৰী শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.