ETV Bharat / state

চাৰে এঘাৰৰ অংকত অটল বিশ্বাসী মুখ্যমন্ত্ৰী শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:19 PM IST

BJP strategy in BTR
BJP meeting in Guwahati

মঙলবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত অনুষ্ঠিত হয় বিজেপিৰ এখন দলীয় সভা ৷ BTR ত দলৰ স্থিতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয় এই সভাত ৷

চাৰে এঘাৰৰ অংকত অটল বিশ্বাসী মুখ্যমন্ত্ৰী শৰ্মা

গুৱাহাটী, ৫ ডিচেম্বৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী । শেহতীয়াকৈ পাঁচ ৰাজ্যৰ নিৰ্বাচনত চাৰিখন ৰাজ্যতে ভাল ফল দেখুৱাই আৰু অধিক আত্মবিশ্বাসী হৈ পৰিছে বিজেপি । মঙলবাৰে গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক । যি বৈঠকত BTR ত নিয়োগ কৰা মন্ত্ৰী-বিধায়কসকলে প্ৰতিবেদন দাখিল কৰে ।

কোন বুথত কোন শক্তিশালী, কোন বুথত বিৰোধী দল শক্তিশালী সেয়াও দাখিল কৰে প্ৰতিবেদনত । বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক উপস্থিত থাকে । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় য়ে এই বৈঠকত দৰং-ওদালগুৰি, কোকৰাঝাৰ, কাজিৰঙা আৰু বৰপেটা সমষ্টিক লৈ পৰ্যালোচনা কৰা হয় ।

এটা বিধানসভা সমষ্টিত একোজন বিধায়কক দায়িত্ব প্ৰদান কৰা হৈছিল । বিধায়কজনৰ তলত 3 গৰাকীকৈ কাৰ্যকৰ্তা আছিল । মঙলবাৰে এইকেইটা লোকসভা সমষ্টিৰ পৰ্যালোচনা কৰা হ’ল । এতিয়াৰে পৰা প্ৰতিটো মাহত দুটাকৈ সমষ্টি সংযোগ কৰি পৰ্যালোচনা কৰা হ’ব । জানুৱাৰীত গুৱাহাটী লোকসভা সমষ্টিৰ কাম আৰম্ভ হ’ব । প্ৰত্যেকটো সমষ্টিত ৰাজ্যিকৰ পৰা বুথলৈ সংযোগ কৰাৰ চেষ্টা দলীয় কাৰ্যসূচী সমূহ সুক্ষ্মভাৱে হৈছে নে নাই সেয়া পৰ্যবেক্ষণ কৰি প্ৰতিবেদন দাখিল হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় ।

তেওঁ লগতে কয় যে আজিৰে পৰা যোৰহাটত 20 জন কাৰ্যকৰ্তা প্ৰেৰণ কৰা হ’ব । অহা মাহত কাজিৰঙা সমষ্টিলৈ কাৰ্যকৰ্তা প্ৰেৰণ কৰা হ’ব । ইফালে BJP ত্যাগ কৰি কিছু কাৰ্যকৰ্তাই BPF ত যোগ দিয়া প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচন আহিলে মানুহ এটা দলৰ পৰা আনটো দললৈ যায় । কিন্তু নিৰ্বাচনত UPPL, বিজেপি আৰু অগপই একেলগে প্ৰাৰ্থিত্ব আগবঢ়াব ৷ জয় বিজেপি মিত্ৰজোঁটৰে হ’ব ।

আনহাতে পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাচত আগন্তুক লোকসভা নিৰ্বাচনত অসমত আগতে পূৰ্বানুমান কৰাতকৈ আসন বাঢ়িব পাৰে নেকি বুলি সোধা এক প্ৰশ্ন উত্তৰত ড৹ শৰ্মাই কয়, ‘‘বিজেপি চাৰে এঘাৰটাত আছো । আমি যিমান কষ্ট কৰিলেও চাৰে এঘাৰটাতকৈ বেছি নাপাওঁ । কষ্ট নকৰিলে চাৰে এঘাৰটা পাই আছোঁ । দেশত নৰেন্দ্ৰ মোদী আকৌ তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’ব । অসমত যি ভোট পাম মোদীক লৈ পাম । ইয়াত কোনো হিমন্ত বিশ্ব শৰ্মাক চাই ভোট নিদিয়ে ।’’

লগতে পঢ়ক: বিৰোধী ঐক্য শক্তিশালী হ'লেহে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটো সম্ভৱ : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.