Scam allegation: আমগুৰিত কৃষিবান্ধ নিৰ্মাণৰ নামত কৃষকক প্ৰতাৰণাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 11:26 AM IST

thumbnail

আমগুৰি, ১৯ ছেপ্টেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰিত কৃষিবান্ধ নিৰ্মাণৰ নামত কৃষকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ভূঞাহাট শাখা সত্ৰৰ পৰা সাউদ চাউদাং গাঁও কৃষিবান্ধ নিৰ্মাণৰ নামত ভূঞাহাট গাঁও পঞ্চায়তে কৃষকক প্ৰতাৰণা কৰাৰ অভিযোগ আনিছে কৃষকসকলে । উল্লেখ্য যে, ২০১৮/১৯ বৰ্ষত ভূঞাহাট গাঁও পঞ্চায়তে ৰূপায়ণ কৰিছিল ভূঞাহাট শাখা সত্ৰৰ পৰা সাউদ চাউদাং গাঁও কৃষিবান্ধ । পিছে উক্ত আঁচনিখনৰ পৰা কৃষকে লাভ নকৰিলে কোনো সুফল ।

বিগত চাৰি বছৰেই কৃষিবান্ধত ব্যৱহাৰ কৰিবলৈ অনা কালভাৰ্ট পৰি থাকিল অনাদৃতভাৱে । কোনো সঠিক পৰিকল্পনা অবিহনে ৰূপায়ণ কৰা এই  আঁচনিখনত চৰকাৰী ধন অপচয় হোৱাৰো অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ কৃষকসকলে । সম্প্ৰতি কৃষিবান্ধটো হাবি-জংঘলৰে ভৰি পৰিছে ।

এই কৃষিবান্ধটোৰ পৰা কৃষকে এটুপিও পথাৰত পানী লাভ নকৰিলে । বৰঞ্চ কৃষিপথাৰৰ পৰাহে পানী কৃষিবান্ধত পৰাৰ অভিযোগ উঠিছে । উল্লেখ্য যে ভূঞাহাট চাওদাঙৰ পথাৰত সম্প্ৰতি চিৰালফাঁট মেলিছে । শালিধানৰ খেতি গেৰ ধৰা সময়তে চিৰালফাঁট দিয়াত মূৰে-কপালে হাত দিছে কৃষকসকলে ।  ভূঞাহাট শাখা সত্ৰৰ পৰা সাউদ চাউদাং গাঁও কৃষিবান্ধটো কৃষকৰ বাবে সুবিধাজনকৈ নিৰ্মাণ হ'ব লাগিছিল যদিও কৃষকসকল উপকৃত নহ'ল । স্থানীয় লোকসকলে কৃষিবান্ধটো কৃষকৰ বাবে সুবিধাজনক হোৱাকৈ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: Chandrayaan-3 themed Pandal: গুৱাহাটীত চন্দ্ৰযান-3 ৰ আৰ্হিত সাজি উলিওৱা হল গণেশ পূজা মণ্ডপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.