বঙাইগাঁৱৰ ৰাজপথত ছয় ভুৱা আৰক্ষী গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 6:05 PM IST

thumbnail

বঙাইগাঁও,১৯ ডিচেম্বৰ: যোৱা নিশা AS01EJ-6934 নম্বৰৰ 'POLICE' লিখা এখন বলেৰ' বাহন আৰু বাইকেৰে ভুৱা এণ্টি-কৰাপচনৰ দল এটাই চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাইপথত খয়েৰ কঢ়িওৱা  ট্ৰাক এখনৰ নথি পত্ৰৰ লগতে বাহনৰ চাবি কাঢ়ি নিছিল ৷ পিচত এই ঘটনা সন্দৰ্ভত বঙাইগাঁও আৰক্ষী অৱগত হয় আৰু লগে লগে অভিযান চলাই ঘটনাৰ লগত জড়িত তিনিজন লোকক আটক কৰে । আৰক্ষীয়ে লগতে পুলিচ লিখা বলেৰ' বাহনখনো জব্দ কৰে । এই সন্দৰ্ভত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এক সংবাদমেল সম্বোধন কৰে ।

পিছত আৰক্ষীয়ে অভিযান চলাই ছয়জন লোকক আটক কৰে । ধৃত লোককেইজন হৈছে বাপন দেৱনাথ (বিজনী), শ্বামলা বসুমতাৰী (কাজলগাঁও), নিৰঞ্জন দেৱনাথ (চুঙাপোতা), বুংখা নাৰ্জাৰী(বাক্সা), তৰুণ দেউৰী (বঙাইগাঁও) আৰু দুৰ্গা নাৰ্জাৰী ( চাপাগুৰী) ৷ 

লগতে পঢ়ক:বঙাইগাঁৱৰ ৰাজপথত ভুৱা আৰক্ষীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.