Liquor seized: জোনাইৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগৰ অভিযান,জব্দ অৰুণাচলী সুৰা

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 5:30 PM IST

thumbnail

জোনাই, 14 অক্টোবৰ: সমগ্ৰ ৰাজ্যতে দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত ৷ পূজাৰ দিন কেইটাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে অসম আৰক্ষী সষ্টম হৈ উঠিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম-অৰুণাচল সীমান্তৰ জোনাই মহকুমাত জোনাই আৰক্ষী আৰু আবকাৰী বিভাগ তৎপৰ হৈ পৰিছে ৷

সেয়ে শুকুৰবাৰে জোনাইৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে জোনাই আবকাৰী বিভাগ আৰু আৰক্ষীয়ে । জোনাইৰ মধ্যপুৰ, নাহৰ বিজুলী, তাকে তিনিআলি, নেপালি তিনিআলি, চিকাৰী, জোনাই বজাৰ আদি বিভিন্ন ঠাইত অবৈধ চুলাই মদ, অবৈধ দেশীয় আৰু বিদেশী সুৰাৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে ৷ অভিযানত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে প্ৰায় 45 লিটাৰ চুলাই নষ্ট কৰা হয় ৷

আনহাতে এই অভিযান কেৱল এদিনে নহয়, এই অভিযান প্ৰতিদিনেই চলি থাকিব বুলি জানিবলৈ দিছে জোনাই মহকুমাৰ আবকাৰী বিষয়া প্ৰদীপ টিমুঙে ৷

লগতে পঢ়ক:Poor condition of govt school:ধেমাজিত পানীৰ মাজতে টিনৰ চালিৰ তলতেই চলিছে পাঠদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.