ETV Bharat / state

Poor condition of govt school:ধেমাজিত পানীৰ মাজতে টিনৰ চালিৰ তলতেই চলিছে পাঠদান

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 1:49 PM IST

শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুৰ গৃহ জিলাৰ ধেমাজিত বানেধোৱা বিদ্যালয়ৰ দুৰৱস্থা ৷ টিনৰ চালিৰ তলতে জ্ঞানৰ কচৰৎ শিক্ষাৰ্থীৰ ।

Loguti Konwar Gaon Primary School
লোগুটি কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়

লোগুটি কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়

ধেমাজি, ১৩ অক্টোবৰ: যি সময়ত ৰাজ্যত চৰকাৰী শিক্ষাক গুণগত কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে সেই সময়ত একাংশ শিক্ষকৰ বাবে শিক্ষকৰ চাকৰি হৈ পৰিছে মহা আনন্দৰ বৃত্তি । কাৰণ আওঁহতীয়া অথবা বানবিধস্ত অঞ্চলৰ বিদ্যালয়ত ফাঁকি ফুকাৰে চলাব পাৰিছে নিজৰ কৰ্তব্য ৷ কিয়নো শিক্ষানুষ্ঠান থাকিলেও নাই শৈক্ষিক পৰিৱেশ । কেতিয়াবা যদি শিক্ষক আহিছে, কেতিয়াবা নাহে । কোনো কোনো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে চৰকাৰী কামৰ অচিলা লৈ বিদ্যালয়ত নাথাকে উপস্থিত । ইয়াৰ মাজতেই ধেমাজিত বানেধোৱা বিদ্যালয়ত চালিৰ তলতে জ্ঞানৰ কচৰৎ চলাকলৈও হৈছে চৰ্চা ।

শেহতীয়াকৈ শিক্ষা সেতু এপেও ঢুকি নাপায় এনে বিদ্যালয়ৰ শিক্ষকক ৷ কাৰণ ইণ্টাৰনেট সংযোগৰ বাহিৰত থাকে শিক্ষানুষ্ঠানসমূহ ৷ আনহাতে, সৰহ সংখ্যকে নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত পঢ়িবলৈ দি কেৱল নামত আন্তৰিকতাবিহীনভাৱে কৰ্তব্য পালন কৰি গৈছে । যাৰ ফলত বহু বিদ্যালয়ত লক্ষ্যনীয়ভাৱে হ্ৰাস পাইছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা । কিন্তু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অব্যাহত আছে ৷ বানে গৰকা এনে এখন বিদ্যালয় হৈছে ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত লোগুটি কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয় ।

পাহাৰীয়া খৰস্ৰোতা কামিয়া নদীয়ে পুতি পেলাইছে বিদ্যালয়খনৰ শ্ৰেণীকোঠা ৷ পৰিতাপৰ বিষয় যে আহিন মাহতো জলমগ্ন হৈ আছে বিদ্যালয়ৰ চৌহদ ৷ বাঢ়নী পানীৰ বালি আৰু বোকাই আধালৈকে পুতিলে বিদ্যালয়ৰ গৃহ ৷ সেয়ে স্থানীয় ৰাইজে বিদ্যালয় চৌহদৰ এচুকত অস্থায়ীকৈ টিনৰ চালি দি কণ কণ শিক্ষাৰ্থীসকলক পঢ়াৰ ব্যৱস্থা কৰি দিছে ৷

এক অবৰ্ণনীয় পৰিৱেশৰ মাজতে ৫২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জ্ঞানৰ কচৰৎ অব্যাহত ৰাখিছে ৷ মন কৰিবলগীয়া যে শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুৰ গৃহ জিলাৰ এনে বিধ্বস্ত বিদ্যালয়সমূহক কাৰ্যত শিক্ষাৰ সংস্কাৰমূলক আঁচনিয়ে কেনেদৰে স্পৰ্শ কৰিব পাৰিব সেয়া হ'ব লক্ষনীয় ৷ আনহাতে, কোনোৱা শিক্ষকে কল্পনা কৰিব পাৰিব নে সন্তানক এনে শৈক্ষিক পৰিৱেশত পঢ়াবলৈ । সেয়াও এক জটিল প্ৰশ্ন হৈ পৰিছে ।

লগতে পঢ়ক:Amrit Kalash Yatra:অমৃত কলহ যাত্ৰাৰ ব্লক পৰ্যায়ৰ সভাত মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.