Eviction in Orang national park:দৰং জিলাত প্ৰায় ১০,০০০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ

By

Published : May 30, 2023, 11:53 AM IST

thumbnail

দৰং, 30 মে’ : আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ অভিযান ৷ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত সৰু বৰ প্ৰায় 12 খন চৰত চলিব এই অভিযান ৷ নবো চৰ, গৰৈমাৰী চৰ, হামু চৰ, ডিম্বু চৰত উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে (Eviction in Orang national park) ৷

দৰং জিলাত প্ৰায় ১০,০০০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য কৰি লৈছে প্ৰশাসনে (Darrang eviction)  ৷ আৰক্ষী প্ৰশাসনৰ লোক ইতিমধ্যে চৰ সমূহলৈ ৰাওনা হৈছে ৷ ক্ষন্তেক সময় পিছতেই আৰম্ভ হ’ব উচ্ছেদ অভিযান  ৷ ইতিমধ্যে উচ্ছেদ স্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ লোক ৷ 

উচ্ছেদৰ কথা জানিব পাৰি ইতিমধ্যেই বহু লোক নিজ নিজ ঘৰলৈ উভতিছে ৷ আনহাতে চৰকাৰে এইবাৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰিহে উচ্ছেদৰ কাম হাতত লৈছে ৷ 

লগতে পঢ়ক : Drugs seized in Nagaon : নগাঁৱত ড্ৰাগছ বিৰুদ্ধে অভিযান; চাপৰমুখত হেৰ’ইনসহ আটক মহিলা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.