ETV Bharat / state

Drugs seized in Nagaon : নগাঁৱত ড্ৰাগছ বিৰুদ্ধে অভিযান; চাপৰমুখত হেৰ’ইনসহ আটক মহিলা

author img

By

Published : May 30, 2023, 12:54 AM IST

Huge amount of drugs seized with drugs paddlers in Nagaon
ড্ৰাগছৰ বিৰুদ্ধে একশ্যনত আৰক্ষী অধীক্ষক নৱনীত মহন্ত

ড্ৰাগছৰ বিৰুদ্ধে একশ্যনত আৰক্ষী অধীক্ষক নৱনীত মহন্ত (Drugs seized in Nagaon) । বিভিন্ন স্থানত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান নগাঁও আৰক্ষীৰ । সোমবাৰে মহিলাসহ পাঁচজনক আটক । জব্দ বহু পৰিমাণৰ ড্ৰাগছ (Woman drug peddler detain at Chaparmukh) ।

নগাঁও/ৰহা, 29 মে’ : ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে একশ্যনত নামিছে নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তই । পূৰ্বে সক্ৰিয় হৈ থকা ড্ৰাগছৰ ঘাটিত সঘনে অভিযান চলাই আহিছে নৱনীত মহন্তৰ নেতৃত্বত নগাঁও আৰক্ষীৰ দলে । সোমবাৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেড কোৱাটাৰ) সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত আৰু ৰহা আৰক্ষীৰ সহযোগত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰহাৰ চাপৰমুখ ৰে’ল জংচনত চলায় অভিযান (Huge amount of drugs seized in Nagaon)৷

Huge amount of drugs seized with drugs paddlers in Nagaon
নগাঁৱত ড্ৰাগছ বিৰুদ্ধে অভিযান

এই অভিযানত আটক কৰা হয় নিষিদ্ধ হেৰ’ইনসহ এগৰাকী মহিলা । ধৃত মহিলাগৰাকীৰ নাম খাইৰুল নেছা বুলি জানিব পৰা গৈছে (Woman drug peddler detain at Chaparmukh)। আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, মহিলাগৰাকীৰ ঘৰ ধিঙৰ সৰু ৰাধাআটি গাঁৱত । ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সম্প্ৰীতি হাজৰিকাই জনাই যে আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা জব্দ কৰা হৈছে ৬ টা চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় ৮০ গ্ৰাম ওজনৰ হেৰ’ইন ।

লগতে পঢ়ক : Drugs seized in Nalbari: নলবাৰীৰ ঘৌগাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী

জব্দকৃত এই ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা । জানিব পৰা মতে, মহিলাগৰাকীয়ে ডিমাপুৰৰ পৰা ৰে’লত গোপনে লৈ আহিছিল হে’ইনখিনি আৰু চাপৰমুখ জংচনত নামি ধিঙলৈ যাবলৈ লওঁতেই আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীক । বৰ্তমান আৰক্ষীৰ জিম্মাত আছে ধৃত মহিলাগৰাকী ৷

ইপিনে ধিং আৰক্ষী থানাৰ আৰক্ষীয়ৰ আন এটা দলেও ধিঙৰ ধূপগুৰিৰ ঢাকাইবস্তিত অভিযান চলাই ৪ টা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে । লগতে ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ১২.৫৬ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । আনকি ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ১১টা খালী চাধাৰ বাকচ, দুটা ম’বাইল ফোনৰ হেণ্ডচেট আৰু এটা বেগো জব্দ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Miscreants apprehended in Manipur: গৃহ মন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মণিপুৰত ৩ দুৰ্বৃত্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.