সদায় নাহে সতৰ্কবাণী,সাৱধান হওক ৰাইজ
Published: Nov 21, 2023, 5:31 PM
জনিয়া, 21 নৱেম্বৰ : সমস্যা নিৰ্মূলৰ বাবে চলিছে উচ্ছেদ, দিক-বিদিক হেৰুৱাইছে পদপথৰ ব্যৱসায়ীয়ে ৷ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত অবৈধভাৱে গঢ়ি উঠা দোকানসমূহ উচ্ছেদৰ পূৰ্বে মঙলবাৰে অন্তিম সতৰ্কবাণী দিলে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই । চক্ৰ বিষয়া চন্দনা বৰুৱা বীৰকমীয়াই ১৫ দিন পূৰ্বে দিছিল উচ্ছেদৰ জাননী । উক্ত জাননী দিয়াৰ পিচতো দোকানীসকলে কোনো গুৰুত্ব প্ৰদান নকৰাত আজি এইদৰে দোকানে দোকানে গৈ দোকানীসকলক দিলে অন্তিম সতৰ্কবাণী ।
উল্লেখ্য যে, চিকিৎসালয়ৰ সন্মুখত গঢ়ি উঠা এই দোকানসমূহৰ বাবেই তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাৰ লগতে চিকিৎসালয়লৈ এম্বুলেন্স অহা-যোৱাৰ ক্ষেত্ৰত তীব্ৰ অসুবিধা হয় বুলি ৰাইজ আৰু চিকিৎসালয় কৰ্তৃপক্ষই অভিযোগ দিয়াৰ পিচত ১৫ দিন পূৰ্বে উচ্ছেদৰ জাননী দিয়া হৈছিল বুলি জানিবলৈ দিয়ে চক্ৰ বিষয়াই । কিন্তু দোকানীসকলে কোনো গুৰুত্ব প্ৰদান নকৰাত আজি এইদৰে মাইক লৈ দোকানে দোকানে গৈ দোকান বন্ধ কৰাৰ লগতে বস্তুসহ উঠাই লৈ যাবলৈ সতৰ্ক কৰি দিয়ে চক্ৰ বিষয়াই। জেছিবি লগোৱাৰ পূৰ্বে নিজে নিজেই যাতে তেওঁলোক উঠি যায় তাৰ বাবে আহ্বান জনায় তেওঁ ৷ বৰপেটা অসামৰিক চিকিৎসালয়ৰ সম্মুখত একাংশ দুখীয়া ৰাইজে সৰু সৰু দোকান দি পৰিয়াল পোহপাল দি আহিছিল যদিও সেই দোকানসমূহেই প্ৰশাসনে বন্ধ কৰিবলৈ কোৱাত এতিয়া চিন্তিত হৈ পৰিছে দোকানীসকল ।
লগতে পঢ়ক : ৰাজপথৰ দাঁতিত ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ আগতে এশবাৰ ভাৱক!