ৰাজপথৰ দাঁতিত ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ আগতে এশবাৰ ভাৱক!

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 4:13 PM IST

thumbnail

বৰপেটা, ২১ নৱেম্বৰ : বৰপেটাৰ মন্দিয়াত জিলা প্ৰশাসনৰ উচ্ছেদ ৷ মন্দিয়া বজাৰৰ পৰা দিঘিৰপামলৈ প্ৰায় ৭০০ মিটাৰ অঞ্চলত চলিছে উচ্ছেদ অভিযান ৷ মূলতঃ পথ বহলীকৰণৰ বাবেই চহৰখনত উচ্ছেদ চলায় প্ৰশাসনে ৷ মূল পথৰ কাষৰ মাটি বেদখল কৰি দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, মছজিদ আদি নিৰ্মাণ কৰিছিল একাংশ লোকে ৷

পূৰ্বে বেদখল মুক্ত কৰাৰ বাবে প্ৰশাসনে বেদখলকাৰীলৈ জাননী জাৰি কৰিছিল যদিও বহুলোকে বেদখল মুক্ত কৰি দিয়া নাছিল ভূমি ৷ অৱশেষত মঙলবাৰে বাঘবৰৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষী প্ৰশাসনৰ সহযোগত জিলা প্ৰশাসনে পথৰ দুয়োফালৰ মাটি বেদখল মুক্ত কৰে ৷ বাঘবৰৰ ৰাজহ চক্ৰ বিষয়াই জনোৱা মতে, ৰাজপথৰ দুয়োকাষে একাংশ লোকে মাটি দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাৰ বাবে চহৰখনত ব্যাপক যান-জঁটৰ সৃষ্টি হৈ আহিছিল ৷

লগতে পঢ়ক : Eviction in Morigaon:স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ মাটিত সাজিছিল সপোনৰ অবৈধ ঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.