ভুৰাগাঁৱৰ টেঙাগুৰিত উচ্ছেদ অভিযান

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 8:05 PM IST

thumbnail

ধিং,২ জানুৱাৰী: নৱবৰ্ষৰ দ্বিতীয়টো দিনতে চলিল প্ৰশাসনৰ বুলডজাৰ । মৰিগাঁও জিলাৰ ভুৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ টেঙাগুৰিত মঙলবাৰে গড়কাপ্তানি পথৰ দাঁতিৰ চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি সজা ভালেসংখ্যক দোকানত প্ৰশাসনে চলালে  উচ্ছেদ অভিযান । উক্ত অভিযানত পথৰ দাঁতিৰ প্ৰায় ৬০০ মিটাৰ এলেকা বেদখলমুক্ত কৰা হয় ।  

উল্লেখযোগ্য যে উক্ত অঞ্চলটোত গড়কাপ্তানি পথৰ অংশ দখল কৰি অবৈধভাৱে দোকান, বজাৰ দিয়াৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হৈ আহিছিল । এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন ৰাইজে দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি আহিছিল । সেয়ে ৰাইজৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি বছৰটোৰ দ্বিতীয়টো দিনতে প্ৰশাসনে চলালে উচ্ছেদ অভিযান । এই অভিযানকালত ভুৰাগাঁৱৰ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া, লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু প্ৰশাসন তথা আৰক্ষীৰ ভালেসংখ্যক লোক উপস্থিত থাকে । 

লগতে পঢ়ক: ৰখাই থোৱা ট্ৰাকত ডকাইতি, ট্ৰাক চালকক মাৰপিট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.