বাইহাটা চাৰিআলিৰ শালমাৰাত এনকাউন্টাৰৰ ঘটনা, আৰক্ষীৰ গুলীত ধৰাশায়ী সন্দেহজনক আলফাৰ লিংকমেন

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 1:45 PM IST

thumbnail

বাইহাটা চাৰিআলি, 25 ডিচেম্বৰ : নিশা হ’লে ৰাজ্যত ইটোৰ পাচত সিটোকৈ সংঘটিত হ’বলৈ ধৰিছে এনকাউন্টাৰৰ ঘটনা ৷ গেলেকীৰ পাচত সোমবাৰে পুৱতি নিশা কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ শালমাৰাত এনকাউন্টাৰৰ ঘটনা সংঘটিত হয় ৷

ঘটনা অনুসৰি, সোমবাৰে পুৱতি নিশা কমলপুৰ আৰক্ষী আৰু বাইহাটা আৰক্ষীয়ে ৰঙিয়াত অভিযান চলাইছিল ৷ সেই অভিযানতে ৰঙিয়াৰ প্ৰাঞ্জল দাস ওৰফে ভেলোৰক আটক কৰিছিল আৰক্ষীয়ে ৷ আলফা (স্বা)ৰ সৈতে লিংক থকাৰ সন্দেহত আৰক্ষীয়ে কৰায়ত্ত কৰিছিল দাসক । কিন্তু দাসে আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰে ৷ যাৰ ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ 

আনহাতে, আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত প্ৰাঞ্জলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : গুৱাহাটীত জালিয়াতিৰে ভূমি ক্ৰয় কৰাসকল সাৱধান, জালিয়াতি কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব এক্সন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.