ক্ৰাইম ব্ৰাঞ্চৰ জালত দিছপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:02 PM IST

thumbnail

গুৱাহাটী, 17 নৱেম্বৰ : নথি-পত্ৰ জালিয়াতি কৰাৰ অভিযোগত অপৰাধ অনুসন্ধান শাখাৰ জালত দিছপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰী ৷ গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীজন কাৰ্যালয় সহায়ক ধ্ৰুৱজ্যোতি বৰ্মন বুলি জানিব পৰা গৈছে ৷ কম্পিউটাৰ অপাৰেটৰ হিচাপে ঠিকাভিত্তিক পদত কৰ্মৰত আছিল আটকাধীন ধ্ৰুৱজ্যোতি বৰ্মন ৷

মণ্ডল বাপধন দাসৰ সহায়ত নথি-পত্ৰ জালিয়াতিৰ অভিযোগ বৰ্মনৰ বিৰুদ্ধে ৷ বৃহস্পতিবাৰে নিশা ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই কাৰ্যালয়টোৰ পৰা গ্ৰেপ্তাৰ কৰে ধ্ৰৱজ্যোতি বৰ্মনক ৷ পৰৱৰ্তী সময়ত নথি-পত্ৰ জালিয়াতিৰ অভিযোগত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ বহু কেইগৰাকী মণ্ডল তথা বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে ধ্ৰৱজ্যোতি বৰ্মনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ক্ৰাইম ব্ৰাঞ্চে ৷ 

লগতে পঢ়ক : অৰুণোদয় আঁচনিৰ নামত টকা খাই আটক প্ৰৱঞ্চক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.