বিহালী সমষ্টিৰ বিহপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 3:59 PM IST

thumbnail

বিশ্বনাথ, 8 জানুৱাৰী : বিহালী সমষ্টিৰ বিহপুখুৰীত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ । পুৱতিনিশা ১৫/২০ টা হাতীৰ জাক এটাই মোনাবাৰী চাহ-বাগিচাৰ অন্তৰ্গত বিহপুখুৰীত প্ৰৱেশ কৰি কেইজনো লোকৰ চৌহদৰ পকী দেৱাল ভঙাৰ লগতে বাৰীৰ খেতি তহিলং কৰে । উক্ত অঞ্চলৰ বাসিন্দা তথা চাইনিং গ্ৰীণ আছিয়ানা ৰিজৰ্টৰ স্বতাধিকাৰী কল্প কিশোৰ হাজাৰিকাৰ বাৰীত থকা বহু পৰিমাণৰ কলগছ, অমিতা গছ, কেচা শাক-পাচলিৰ খেতি সম্পূৰ্ণকৈ তহিলং কৰাৰ লগতে এখন প্ৰকাণ্ড পকী দেৱাল আৰু শৌচাগাৰ এটাও সম্পূৰ্ণৰূপে ধ্বংস কৰে ।

বন-বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠিয়াই যদিও পৰিয়ালকেইটাৰ বিস্তৰ ক্ষতি সাধন কৰে বনৰীয়া হাতীৰ জাকটোৱে । ইফালে উক্ত অঞ্চলত বহুবছৰ ধৰি ত্ৰাস অব্যাহত ৰাখিছে বনৰীয়া হাতীৰ জাকে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাক আৰু মানুহৰ মাজত কেইবাবাৰো সংঘাত হৈ বহুলোকে প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে । আনহাতে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱিকা উলিওৱা উক্ত অঞ্চলৰ লোকসকল এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱত বহু অশান্তিত ভূগিছে । যাৰ বাবে এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি চৰকাৰ তথা বন-বিভাগক আহ্বান জনাইছে তেওঁলোকে ।

লগতে পঢ়ক : নলবাৰীত বন্যহস্তীয়ে ভাঙিলে অকলশৰীয়া বৃদ্ধাৰ বাসগৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.