Gunotsav in Barpeta road: বৰপেটাৰোডৰ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱত শিক্ষামন্ত্ৰী

By

Published : Jan 21, 2023, 6:32 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বুধবাৰৰ পৰা ৰাজ্যত আকৌ আৰম্ভ হৈছে গুণোৎসৱ (Axom Gunotsav 2023) ৷ শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ কাৰণে অসম চৰকাৰৰ এক পদক্ষেপ হ’ল গুণোৎসৱ ৷ জিলাই জিলাই ব্যাপক প্ৰস্তুতিৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ (2023 Gunotsav starts on 18 January) ৷

প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ অন্তিম দিনা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হয় বৰপেটা জিলাত (Education Minister Ranoj Pegu in Barpeta) ৷ শিক্ষামন্ত্ৰীৰ লগত বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসো উপস্থিত থাকে ৷

জিলাখনত উপস্থিত হৈ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে বৰপেটাৰোডৰ গোপীনাথ বৰদলৈ হাইস্কুলত উপস্থিত হৈ গুণোৎসৱৰ কাৰ্যসূচীত অংশ লৈ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত-বিনিময় কৰে (Gunotsav 2023 in Barpeta road) ।

গোপীনাথ বৰদলৈ হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, "বৰপেটাৰোডৰ এখন যথেষ্ট পুৰণি আৰু ডাঙৰ বিদ্যালয় হৈছে গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয় ৷ এই বিদ্যালয়খন আজি পৰিৰ্দশন কৰিলোঁ ৷ যিহেতু কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শাখাসমূহ কৰ্তন কৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অন্তৰ্ভুক্ত কৰাৰ চিন্তাচৰ্চা কৰি আছো ৷ গতিকে গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়খনি অচিৰেই উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হ’ব ৷ যাৰ বাবে লাগিব আমাক অতিৰিক্ত শ্ৰেণীকোঠা ৷"

লগতে তেওঁ কয়," এই অতিৰিক্ত শ্ৰেণীকোঠাসমূহ ক’ত কেনেকৈ নিৰ্মাণ হ’ব সেই স্থানসমূহ আজি পৰিদৰ্শন কৰিছোঁ ৷ অতি শীৰ্ঘ্ৰেই PWD বিভাগৰ লোক আৰু আৰ্কিটেক্ট এই বিদ্যালয়লৈ আহিব আৰু সকলো চালি জাৰি চাই আমাক ৰিৰ্পোট দিব ৷ তাৰ পিছতেই প্ৰথম পৰ্যায়ত এই বিদ্যালয়খন অন্তৰ্ভুক্ত কৰা হ’ব ৷" এইবুলি সাংবাদিকৰ আগত মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে আনবাৰৰ গুণোৎসৱতকৈ কিছু পৃথক নীতি-নিয়মেৰে এইবাৰৰ গুণোৎসৱ পালন কৰা হৈছে ৷ স্ব-মূল্যায়নৰ নীতি সলনি কৰি অনুষ্ঠিত হৈছে এইবাৰৰ গুণোৎসৱ ৷ ২১ জানুৱাৰীলৈ মুঠ ৪ দিন ধৰি অনুষ্ঠিত হৈছে এই প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ ৰাজ্যৰ মুঠ ১১ খন জিলাত হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ (Axom Sarba Siksha Abhijan Mission) ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.