Durga Puja 2023 in Assam : নয়নতৰা ক্লাবত ৬৫০ ডাল বাঁহেৰে নিৰ্মাণ পূজা মণ্ডপ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 7:47 PM IST

thumbnail

গুৱাহাটী, ১৩ অক্টোবৰ: সমাগত দুৰ্গা পূজা । ৰাজ্য়ত দুৰ্গা পূজাক কেন্দ্ৰ কৰি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে । সেয়েহে পূজা কমিটী সমূহতো বৃদ্ধি পাইছে ব্যস্ততা । ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীৰ নয়নতৰা ক্লাব পূজা সমিতি। পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ অনুকূল পূজা মণ্ডপ সাজি উলিয়াইছে । ৬৫০ ডাল বাঁহেৰে নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপটো ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগৰ পৰা আনা কেইবা প্ৰকাৰৰ বাঁহেৰে সজা হৈছে পূজা মণ্ডপটো । পূজা মণ্ডপটো পৰিৱেশ অনুকূল কৰাৰ লগতে নৱ প্ৰজন্মক বাঁহ চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে মণ্ডপটো নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য় কৰিছে পূজা সমিতিৰ সম্পাদক প্ৰমোদ বৰ্মনে ।  

তেওঁ কয় যে বিগত ৪০ দিনৰ পৰা কলকাতাৰ পৰা অহা আৰু স্থানীয় শিল্পীয়ে কাম কৰা মণ্ডপটোৰ ইতিমধ্যে ৮০ % কাম সম্পূৰ্ণ হৈছে । প্ৰায় ১৮ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা পূজাৰ আলোকসজ্জা চন্দন নগৰৰ পৰা অনা হৈছে । ষষ্ঠীৰ দিনা পূজা মণ্ডপ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি উল্লেখ কৰি প্ৰতি বছৰৰ দৰে এইবাৰো হাজাৰ হাজাৰ ভক্তৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিৰ সম্পাদক প্ৰমোদ বৰ্মনে ।

লগতে পঢ়ক:North Lakhimpur College : গ্ৰন্থৰ সুবাসেৰে আমোলমোল নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থমেলা বাকৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.