Durga puja 2023: বাক্সাত দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:14 AM IST

thumbnail

বাক্সা, 15 অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱ সমাগত ৷ ভিন্ন প্ৰান্তৰ দৰে বাক্সা জিলাৰ বৰমাস্থিত মূৰমেলাটো সমাগত দুৰ্গোৎসৱকলৈ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ মূৰমেলা গাঁৱৰ কালী মন্দিৰ প্ৰাঙ্গণত 20 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব মুৰমেলা বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজা মহোৎসৱ । 

মূৰমেলা গাঁওবাসীয়ে আয়োজন কৰা পূজাখনে এইবাৰ 17 তম বৰ্ষত ভৰি দিছে ৷ 20 অক্টোবৰত পূজাৰ প্ৰথম দিনটোত 24 নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়োই মুখ্যদ্বাৰ উন্মোচন কৰাৰ পিছত মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব স্থানীয় বিধায়ক ভূপেন বড়োৱে ৷ ইয়াৰ পিছত বন্তি প্ৰজ্বলন আৰু নিশা ষষ্ঠী বিহিত পূজা আৰম্ভ হ’ব আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । 

এইবাৰৰ পূজাৰ বিশেষ আকৰ্ষণ পশ্চিমবংগৰ জনপ্ৰিয় কন্ঠশিল্পী অনুপম ভৌমিক ৷ ইয়াৰ উপৰি “গামোছা মিনি থিয়েটাৰ’’ ৰ নাট প্ৰদৰ্শন কৰিব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷ বিগত প্ৰতি বছৰে পূজা মণ্ডপ নিৰ্মাণেৰে চমক সৃষ্টি কৰি অহা মুৰমেলাৰ পূজাই এইবাৰো চমক সৃষ্টিৰ বাবে সাজু হৈছে বুলি আয়োজক সমিতিয়ে জনায় । 

লগতে পঢ়ক: Khanapara Firing Update: প্ৰেমৰ বাবেই সংঘটিত হৈছিল খানাপাৰাৰ গুলীচালনা; তিনিজনক গ্ৰেপ্তাৰ; তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.