কলিয়াবৰত প্ৰদূষণমুক্ত পূজাৰ মণ্ডপ নিৰ্মাণ

By

Published : Sep 29, 2022, 6:37 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ দুদিন (Durga Puja 2022 in Assam)৷ শংখ,ঘন্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ'ব ৰাজ্যৰ আকাশ-বতাহ ৷ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰ লগতে আয়োজকৰ ৷ দিনে নিশাই ব্যস্ত হৈ পৰিছে শিল্পী সকল । কলিয়াবৰতো দেৱী দুৰ্গাক (Durga Puja preparation at Hatigaon in Kaliabar) আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি । বাঁহ আৰু ঢাৰিৰে প্ৰদূষণমুক্ত পূজাৰ মণ্ডপ নিৰ্মাণত ব‍্যস্ত শিল্পী মৃণাল সিংহ । কলিয়াবৰৰ হাতীগাঁও সন্মিলিত যুৱক সংঘই নিৰ্মাণ কৰিছে আকৰ্ষণীয় পূজা মণ্ডপ । ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ কৰিবলৈ বিভিন্ন আকৰ্ষণীয় আৰ্হিত চলি আছে পূজা মণ্ডপৰ নিৰ্মাণ । হাতীগাঁৱৰ পূজা মণ্ডপৰ মূল তোৰণ শিৱলিংগত গণেশে পূজা কৰাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে । ঢাৰি আৰু বাঁহৰে নিৰ্মাণ কৰা হৈছে মণ্ডপ (Durga Puja pendal in Kaliabar)। স্থানীয় শিল্পী মৃণাল সিংহৰ নেতৃত্বত এদল শিল্পীয়ে দিনে-নিশাই ব‍্যস্ত হৈ পৰিছে । কলিয়াবৰৰ হাতীগাঁও সন্মিলিত যুৱক সংঘৰ ব্যৱস্থাপনাত নৱম বৰ্ষিক দুৰ্গা পূজা উদযাপন কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.