Durga Puja 2023 : চিলাপথাৰৰ ঐতিহাসিক চিলাসুঁতি তাম্ৰেশ্বৰী আইথানত ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 11:08 PM IST

thumbnail

জোনাই, 23 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ মহা নৱমীৰ দিনটোত পুৱাৰ পৰাই লোকে লোকাৰণ্য হৈ পৰে চিলাপথাৰ‌ৰ সকলো পূজা মণ্ডপ ৷ 1905 চনতে স্থাপিত চিলাপথাৰ চিলাসুঁতি তাম্ৰেশ্বৰী আই থানত এইবাৰো সম্পন্ন কৰা হয় বলি-বিধান ৷

দেৱীৰ তুষ্টিৰ বাবে দুটা দিনে উচৰ্গা কৰা হয় অসংখ্য হাঁহ,পাৰ আৰু ছাগলী ৷ সোমবাৰে মহা নৱমীৰ দিনাও পৰম্পৰাৰ দোহাই দি থানত বলি দিয়া হ'ল এটা ম'হ ৷ অমংগল নাশি কুশল-মংগল কামনাৰে আশীৰ্বাদ বিচাৰি দেৱীমাৰ চৰণত অৰ্পন কৰা হ'ল অবোধ পশু ৷ বলি-বিধান চাবলৈ তাম্ৰেশ্বৰী আই থানত অজস্ৰ লোক সমবেত হোৱা পৰিলক্ষিত হয় ৷ 

লগতে পঢ়ক : Durga Puja in Tinsukia: মহীশূৰ প্ৰাসাদৰ আৰ্হিৰে নিৰ্মাণ কৰা মণ্ডপে মুহিছে তিনিচুকীয়াবাসীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.