Durga Puja in Sivasagar : মহা নৱমী উপলক্ষে শিৱসাগৰৰ পূজাস্থলীত মা দুৰ্গাৰ আৰতি

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 4:21 PM IST

thumbnail

শিৱসাগৰ, 23 অক্টোবৰ : আজি মহা নৱমী ৷ বিভিন্ন পূজা মণ্ডপ সমূহত দেৱী দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ দেখা গৈছে ভক্তপ্ৰাণ ৰাইজৰ লানি নিছিগা সোঁত ৷ ব্যতিক্ৰম নহয় শিৱসাগৰ এ এছ টি চিৰ সমীপৰ পুৰণি ঐতিহাসিক নৱদুৰ্গোৎসৱ পূজা সমিতি ৷

নৱৰাত্ৰিত দেৱীৰ 9 টা ৰূপ ক্ৰমে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰ পূজা কৰা হয় ৷ নৱমী পূজাৰ দিনা কম বয়সীয়া ছোৱালীক দেৱীৰ দৰেই সাজ আৰু অলংকাৰ পিন্ধাই, দেৱী দুর্গাৰ এক ৰূপ স্বৰূপে পূজা কৰা হয় ৷

দুৰ্গা পূজাৰ এক এৰাব নোৱৰা অংশ হ’ল কুমাৰী পূজা ৷ পূজাৰীয়ে পূজা কৰাৰ পাছত ভক্ত সকলে শাৰী পাতি, কুমাৰী কেইগৰাকীৰ ভৰি চুই, সেৱা জনাই যাৰ যি কিছু মাননি আৰু উপহাৰ আগবঢ়ায় ৷ উল্লেখযোগ্য যে শিৱসাগৰ এ এছ টি চিৰ সমীপৰ পুৰণি ঐতিহাসিক নৱদুৰ্গোৎসৱ পূজা সমিতিয়ে বিগত প্ৰায় 52 বছৰে এই কুমাৰী পূজাৰ আয়োজন কৰি আহিছে ৷ 

লগতে পঢ়ক : Ajanta Neog visits Billbeshwar Devaloy : বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজাৰ আশীষ ল’লে মন্ত্ৰী অজন্তা নেওগে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.