Durga Puja 2023: আজি মহা সপ্তমী, উখল-মাখল পৰিৱেশ ধেমাজিতো

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 4:32 PM IST

thumbnail

ধেমাজি,21 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা সপ্তমী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজাক লৈ ব্যাপক উচাহ পৰিলক্ষিত হৈছে  ৷ ধেমাজি নগৰৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন বিষ্ণু মন্দিৰতো পুৱাৰে পৰা মহা সপ্তমী পূজা আৰম্ভ হৈছে ৷ আনহাতে পুৱাৰ ভাগৰে পৰা মাৰ চৰণত আশীৰ্বাদ বিচাৰি আগমন হৈছে অগণন ভক্তৰ ৷

এইবেলি ধেমাজিত 13 খন পূজা অনুষ্ঠিত হৈছে ৷ ইফালে ভক্তৰ সুবিধাৰ্থে পূজাৰ লগত সংগতি ৰাখি এখন পাৰ্কিং স্থান মুকলি কৰিছে পূজা কমিটিয়ে ৷ ভক্তৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পূজাস্থলীত চি চি টি ভিৰ ব্যৱস্থা কৰা হৈছে ৷ পূজাৰ সময়ত যাতে শান্তি-শৃংখলা অটুট থাকে তাৰ বাবেও যাৱতীয় ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে পূজা আয়োজক কমিটিয়ে ৷ 

লগতে পঢ়ক:Deforestation in Assam: বৰ্ষাৰণ্য ধ্বংস কৰি উন্নয়নৰ নামত পথ সম্প্ৰসাৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.