Durga Puja 2023 : ধেমাজিত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 5:13 PM IST

thumbnail

ধেমাজি, 19 অক্টোবৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী ৷ ৰাজ্যজুৰি চলিছে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপ সমূহ ৷

সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো শাৰদীয় দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি চলাইছে পূজা সমিতিসমূহে ৷ ধেমাজি নগৰত এইবাৰ ১৩ খন পূজা মণ্ডপৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ বিশেষকৈ ধেমাজি তিনিআলিৰ পূজা মণ্ডপ ৰাষ্ট্ৰীয় পক্ষী ময়ুৰৰ আৰ্হিত নিৰ্মাণ কৰি নিশা আলোকসজ্জাৰে দশনাৰ্থীক আমোদ দিবলৈ প্ৰয়াস কৰিছে কমিটিয়ে ৷ সেইদৰে ধেমাজি নলনিপাম সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিয়ে পুৰণি অসমীয়া গাঁৱৰ এখন ঘৰৰ আৰ্হি পূৰ্ণাংগ ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিছে ৷ 

লগতে পঢ়ক : Durga puja 2023: নগাঁৱত ১১ লাখ টকাৰ খুচুৰা মুদ্ৰাৰে নিৰ্মাণ দুৰ্গা পূজাৰ মণ্ডপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.