ETV Bharat / state

Durga puja 2023: নগাঁৱত ১১ লাখ টকাৰ খুচুৰা মুদ্ৰাৰে নিৰ্মাণ দুৰ্গা পূজাৰ মণ্ডপ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 2:09 PM IST

Updated : Oct 19, 2023, 2:20 PM IST

Durga puja 2023
নগাঁৱত ১১ লাখ টকাৰ খুচুৰা মুদ্ৰাৰে নিৰ্মাণ দুৰ্গা পূজা মণ্ডপ নিৰ্মাণ

তুংগত দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ ৰাজ্যৰ প্রান্তে প্রান্তে নিৰ্মাণ কৰা হৈছে আটক ধুনীয়া পূজা মণ্ডপ। প্ৰতিবৰ্ষৰ দৰে নগাঁও চহৰৰ শনি মন্দিৰ দুৰ্গা পূজা সংঘই এঘাৰ লাখ টকাৰ খুচুৰা মুদ্ৰা ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে পূজা মণ্ডপ ৷

নগাঁৱত ১১ লাখ টকাৰ খুচুৰা মুদ্ৰাৰে নিৰ্মাণ দুৰ্গা পূজাৰ মণ্ডপ

নগাঁও, 19 অক্টোবৰ: শাৰদীয় উৎসৱ দুৰ্গা পূজা উদযাপনৰ বাবে দেশজুৰি অন্তহীন ব্যস্ততা ৷ আজি পঞ্চমী ৷ দুৰ্গোৎসৱৰ ৰাজ্যৰ প্রান্তে প্রান্তে নিৰ্মাণ কৰা হৈছে আটক ধুনীয়া পূজা মণ্ডপ। ইয়াৰ সমান্তৰালকে নগাঁৱতো চমকপ্ৰদ পূজা মণ্ডপ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা চলিছে।

নগাঁও চহৰৰ শনি মন্দিৰ দুৰ্গা পূজা সংঘই এইবেলিও নিৰ্মাণ কৰিছে ব্যতিক্ৰমী পূজা মণ্ডপ। বিগত বৰ্ষতো ব্যতিক্ৰমী পূজা মণ্ডপ নিৰ্মাণ কৰি চমক দি অহা শনি মন্দিৰ দুৰ্গা পূজা সংঘই এইবাৰ খুচুৰা মুদ্ৰাৰে নিৰ্মাণ কৰিছে পূজা মণ্ডপ। এটকীয়া, দুটকীয়া আৰু দহটকীয়া খুচুৰা মুদ্ৰা ব্যৱহাৰ কৰি নিৰ্মাণ কৰি আছে এক আটকধুনীয়া পূজা মণ্ডপ । য'ত এঘাৰ লাখ টকাৰ মুদ্ৰা ব্যৱহাৰ কৰা হৈছে। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে নগাঁৱৰ শনি মন্দিৰ দুৰ্গা পূজা সংঘই খুচুৰা মুদ্ৰাৰে দুৰ্গা পূজা মণ্ডপ নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হৈছে ।

মন্দিৰৰ দান পত্ৰৰ বিগত বৰ্ষত ৰাইজে দিয়া দান বৰঙণিৰ খুচুৰা মুদ্ৰাৰ লগতে দুৰ্গোৎসৱ সমিতিৰ বিষয়ববীয়াৰ নিজা খুচুৰা মুদ্ৰা ব্যৱহাৰ কৰাৰ উপৰিও ভাৰতীয় ষ্টেট বেংকৰ সহায়ত ১১ লাখ টকাৰ খুচুৰা মুদ্ৰা যুগুত কৰি পূজা মণ্ডপটোৰ নিৰ্মাণত ব্যৱহাৰ কৰিছে শনি মন্দিৰ দুৰ্গা পূজা সংঘই ।

মণ্ডপটোত প্ৰথমে প্লাইব’ৰ্ড ব্যৱহাৰ কৰি তাৰ ওপৰত লগাই দিয়া হৈছে এঘাৰ লাখ টকাৰ খুচুৰা মুদ্ৰা । ওপৰভাগত সোণালী ৰঙৰ দহ টকীয়া খুচৰা মুদ্ৰা ব্যৱহাৰ কৰাৰ লগতে তলৰ অংশত ৰূপালী এক টকীয়া দুটকীয়া আৰু পাঁচ টকীয়া খুচুৰা মুদ্ৰা ব্যৱহাৰ কৰাত এক সুন্দৰ ৰূপ লাভ কৰিছে পূজা মণ্ডপটোৱে । এই মণ্ডপটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢক: Mahabhairab Co operative Bank: অত্যাধিক ঋণৰ বোজা: মহাভৈৰব কো-অপাৰেটিভৰ লেনদেন বন্ধ কৰিলে ৰিজাৰ্ভ বেংকে

Last Updated :Oct 19, 2023, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.