Drugs seized : বৰপথাৰত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:20 PM IST

thumbnail

গোলাঘাট, 1 অক্টোবৰ: ধনশিৰি মহকুমাৰ বৰপথাৰত আৰক্ষীৰ জালত 6 টাকৈ ড্ৰাগছ সৰবৰাহকাৰী । ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া দীপেন পাটৰৰ নেতৃত্বত বৰপথাৰ আৰক্ষীৰ এটা দলে গেলাবিল আঞ্চলিক ছাত্ৰ সন্থা, স্থানীয় ৰাইজৰ সহযোগত অভিযান চলায় ড্ৰাগছসহ 6 জনকৈ যুৱকক আটক কৰে । বৰপথাৰৰ গেলাবিলৰ পৰা 12.2 গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । 

আটকাধীন যুৱককেইজন হৈছে হামিদ আলি, ৰূপম গগৈ, জগন্নাথ পল, অভিষেক দে’, গৌতম দত্ত আৰু শুকু মাঝি । শনিবাৰে বিয়লি 4 অভিযুক্তক আটক কৰি 7.1 আৰু নিশা 2 জন অভিযুক্তক আটক কৰি 5.1 গ্ৰাম ড্ৰাগছ জব্দ কৰে । আনহাতে ধৃত অভিযুক্তকেইজনৰ পৰা 5 টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, 5 টাকৈ ম’বাইল ফোন, ড্ৰাগছ সেৱনত ব্যৱহৃত চিৰিঞ্জ 1 টা, এখন স্কুটী আৰু দুখনকৈ মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে ।  

লগতে পঢ়ক: Amsoi gaon Panchayat Scam : PMAY ৰ নামত ব্যাপক কেলেংকাৰী হোৱাৰ কথা স্বীকাৰ কৰিলে পঞ্চায়ত সদস্যই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.